দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিপদ কমা নাই। CBIৰ আবেদনমৰ্মে কেজৰিৱালক দিয়া হৈছে ১৪ দিনৰ ন্যায়িক জিম্মা। জিম্মাৰ সময়ত সুৰা কেলেংকাৰি সন্দৰ্ভত বহু প্ৰশ্নৰ সন্মুখীন হ’ব কেজৰিৱাল।
দিল্লীৰ ৰাউজ এভিনিউ আদালতে CBIৰ আবেদন মঞ্জুৰ কৰে। ইয়াৰ পিছতে কেজৰিৱালক CBIয়ে ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত লয়। অহা ১২ জুলাইত আদালতত হাজিৰ কৰোৱা হ’ব কেজৰিৱালক। ১২ জুলাইৰ দুপৰীয়া দুই বজাত ভিডিঅ’ কনফাৰেন্সিং মাধ্যমেৰে আদালতত ভাষ্য আগবঢ়াব কেজৰিৱালে। তিনিদিন জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত আজি পুনৰ CBIৰ আবেদনমৰ্মে CBIয়ে ১৪ দিনৰ ন্যায়িক জিম্মাত লয় কেজৰিৱালক।