• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ইতিহাস হ’ল IPC আৰু CrPC : আজিৰ পৰা দেশত বলৱৎ হ’ল BNS, BNSS আৰু BSA

Nation NE by Nation NE
July 1, 2024
in BIG BREAKING, Top News, অসম, ৰাষ্ট্ৰীয়
0 0
ইতিহাস হ’ল IPC আৰু CrPC : আজিৰ পৰা দেশত বলৱৎ হ’ল BNS, BNSS আৰু BSA

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আজি নিশা ১২ বজাৰ পৰা সমগ্ৰ দেশতে বলৱৎ হ’ব তিনিখনকৈ নতুন অপৰাধ বিৰোধী আইন। আজিৰে পৰা ৫১ বছৰ পুৰণি CrPCৰ সলনি দেশৰ নাগৰিকৰ বাবে প্ৰৱৰ্তন হ’ল ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)। তদুপৰি ভাৰতীয় দণ্ড সংহিতাৰ ঠাইত ভাৰতীয় ন্যায় অধিনিয়ম (BNS) আৰু ভাৰতীয় প্ৰমাণ আইনৰ সলনি ভাৰতীয় সাক্ষ্য অধিনিয়ম (BSA) বলৱৎ হোৱাৰ লগে লগে দেশত আৰম্ভ হ’ব আইন-শৃংখলা ব্যৱস্থাৰ নতুন যুগ।

মহিলাৰ সৈতে জড়িত বেছিভাগ অপৰাধতে এতিয়া অপৰাধীয়ে পূৰ্বৰ তুলনাত অধিক শাস্তি ভোগ কৰিব লাগিব। জনসাধাৰণে এতিয়াৰে পৰা ইলেক্ট্ৰ’নিক সূচনাৰ জৰিয়তে FIR পঞ্জীয়ন কৰিব পাৰিব আৰু ইয়াৰ লগতে সামূহিক সেৱাৰ দৰে ব্যৱস্থাও প্ৰযোজ্য হ’ব। কিন্তু প্ৰকৃততে কি আছে এই আইন তিনিখনত?

উল্লেখ্য যে এই নতুন আইন তিনিখন ১ জুলাইৰ আগতে পঞ্জীয়ন হোৱা গোচৰবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব অৰ্থাৎ ১ জুলাই ২০২৪-ৰ আগতে পঞ্জীয়ন কৰা গোচৰবোৰৰ তদন্ত পুৰণি আইনৰ ভিত্তিত হ’ব

১ জুলাইৰ পৰা নতুন আইনৰ অধীনত এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু সেই অনুসৰি তদন্ত আৰু বিচাৰ সম্পূৰ্ণ কৰা হ’ব।

BNSSত মুঠ ৫৩১টা ধাৰা আছে। ইয়াৰ ১৭৭টা ব্যৱস্থা সংশোধন কৰা হৈছে। আনহাতে ১৪টা ধাৰা আঁতৰাই দিয়া হৈছে। ৯টা নতুন ধাৰা আৰু ৩৯টা উপ-ধাৰা নতুনকৈ যোগ দিয়া হৈছে। ইয়াৰ আগতে CrPCত ৪৮৪টা ধাৰা আছিল।

ভাৰতীয় ন্যায় সংহিতাত মুঠ ৩৫৭ টা ধাৰা আছে। কিন্তু আজিৰ দিনটোলৈকে IPC-ত ৫১১টা ধাৰা আছিল।

একেদৰে ভাৰতীয় সাক্ষ্য অধিনিয়মত মুঠ ১৭০টা ধাৰা আছে। নতুন আইন খনত ৬টা ধাৰা আঁতৰাই দিয়া হৈছে। তাৰ পৰিৱৰ্তে ২টা নতুন ধাৰা আৰু ৬টা উপ-ধাৰা যোগ দিয়া হৈছে। ইয়াৰ পূৰ্বে ভাৰতীয় প্ৰমাণ আইনত মুঠ ১৬৭টা ধাৰা আছিল।

নতুন আইন কেইখনত অডিঅ’-ভিডিঅ’ অৰ্থাৎ ইলেক্ট্ৰনিক প্ৰমাণ আৰু ফৰেনচিক অনুসন্ধানত গুৰুত্ব আৰোপ কৰা হৈছে।

কোনো এজন নাগৰিকে অপৰাধৰ বিৰুদ্ধে যিকোনো স্থানত Zero FIR দাখিল কৰিব পাৰিব। গোচৰটো তদন্তৰ বাবে সংশ্লিষ্ট আৰক্ষী থানালৈ প্ৰেৰণ কৰা হ’ব। যদি Zero FIR খন তিনিৰ পৰা সাত বছৰৰ ভিতৰত শাস্তিৰ ব্যৱস্থা থকা অপৰাধৰ সৈতে সম্পৰ্কিত তেন্তে তাৰ প্ৰমাণবোৰ ফৰেনচিক দলে পৰীক্ষা কৰিব লাগিব।

এতিয়া ইলেকট্ৰ’নিক সূচনাৰ জৰিয়তেও FIR পঞ্জীয়ন কৰিব পাৰিব। আনকি হত্যা কিম্বা ডকাইতি আৰু ধৰ্ষণৰ দৰে গুৰুতৰ ধাৰাৰ ক্ষেত্ৰতো e-FIR দাখিল কৰিব পাৰিব। আনহাতে ভইচ ৰেকৰ্ডিঙৰ জৰিয়তেও নাগৰিকে নিজৰ অভিযোগ আৰক্ষীক অৱগত কৰিবলৈ সক্ষম হ’ব। e-FIRৰ ক্ষেত্ৰত অভিযোগকাৰীয়ে তিনি দিনৰ ভিতৰত আৰক্ষী থানাত উপস্থিত হ’ব লাগিব আৰু এজাহাৰৰ প্ৰতিলিপিত স্বাক্ষৰ কৰিব লাগিব।

অভিযোগকাৰীক FIR সম্পৰ্কীয় নথিপত্ৰ আৰু বিবৃতি দিয়াৰ ব্যৱস্থাও কৰা হৈছে। যদি অভিযোগকাৰীয়ে বিচাৰে তেন্তে আৰক্ষীয়ে অভিযুক্তজনক সোধা-পোছা কৰা বিষয়বোৰো জানি ল’ব পাৰে

FIRৰ ৯০ দিনৰ ভিতৰত অভিযোগপত্ৰ বা চাৰ্জশ্বীট দাখিল কৰিব লাগিব। আদালতে অভিযোগপত্ৰ দাখিল কৰাৰ ৬০ দিনৰ ভিতৰত অভিযোগ নিৰ্ণয় কৰিব লাগিব

গোচৰটোৰ শুনানি সম্পূৰ্ণ হোৱাৰ ৩০দিনৰ ভিতৰত ৰায় দিব লাগিব। ৰায় দিয়াৰ ৭ দিনৰ ভিতৰত এটা প্ৰতিলিপি প্ৰদান কৰিব লাগিব

আৰক্ষীয়ে আটকাধীন ব্যক্তিজনৰ পৰিয়ালক লিখিতভাৱে জনাব লাগিব। লগতে অফলাইন আৰু অনলাইন সূচনা দিব লাগিব

মহিলা আৰু শিশুৰ লগত হ’ব পৰা অপৰাধ সম্পৰ্কে BNSত মুঠ ৩৬টা ধাৰা আছে। ধৰ্ষণৰ গোচৰ ধাৰা ৬৩ৰ অধীনত পঞ্জীয়ন কৰা হ’ব। ধাৰা ৬৪ত সৰ্বাধিক আজীৱন কাৰাদণ্ড আৰু নিম্নতম ১০ বছৰ কাৰাবাসৰ বিধান দিয়া হৈছে

ধাৰা ৬৫-ৰ অধীনত ১৬ বছৰৰ তলৰ ভুক্তভোগীক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কঠোৰ কাৰাদণ্ড বা আজীৱন কাৰাদণ্ড তথা আৰু জৰিমনাও বিহা হ’ব পাৰে। যদি দলবদ্ধ ধৰ্ষণত ভুক্তভোগী গৰাকী প্ৰাপ্তবয়স্ক হয় তেনেহ’লে অপৰাধীৰ আজীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে

১২ বছৰৰ তলৰ ভুক্তভোগীক ধৰ্ষণ কৰাৰ ক্ষেত্ৰত অপৰাধীৰ নিম্নতম ২০বছৰ আৰু আজীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ ব্যৱস্থা আছে। বিয়াৰ প্ৰলোভন বা অজুহাত দি সম্পৰ্ক গঢ়াৰ অপৰাধ ক্ষেত্ৰত ধৰ্ষণত কৈ পৃথক অপৰাধ বুলি গণ্য কৰা হ’ব। অৰ্থাৎ ইয়াক ধৰ্ষণৰ শাৰীত ধৰা নহয়

ভুক্তভোগীজনে প্ৰতিটো পৰ্যায়ত নিজৰ মোবাইল নম্বৰত SMS-ৰ জৰিয়তে কেছ সম্পৰ্কীয় প্ৰতিটো আপডেটৰ বিষয়ে পাব। আপডেট প্ৰদানৰ সময়সীমা ৯০ দিন নিৰ্ধাৰণ কৰা হৈছে

ৰাজ্য চৰকাৰসমূহে আৰু ৰাজনৈতিক গোচৰ (দলীয় কৰ্মীসকলৰ ধৰ্ণা আৰু আন্দোলন) সম্পৰ্কীয় গোচৰসমূহ একপক্ষীয়ভাৱে বন্ধ কৰিব নোৱাৰিব। যদি ধৰ্ণা আৰু আন্দোলনৰ অভিযোগকাৰী এজন সাধাৰণ নাগৰিক হয় তেনেহ’লে তেওঁৰ অনুমোদন ল’ব লাগিব

নতুন আইনত সাক্ষীসকলৰ সুৰক্ষাৰ ব্যৱস্থাও আছে। সকলো বৈদ্যুতিক প্ৰমাণ আদালতত কাগজৰ ৰেকৰ্ডৰ দৰে গ্ৰহণযোগ্য হ’ব

মব লিঞ্চিঙো অপৰাধৰ আওতালৈ আহিছে। শৰীৰত আঘাত কৰা অপৰাধবোৰক ধাৰা ১০০-১৪৬ৰ ভিতৰত বৰ্ণনা কৰা হৈছে। ভাৰতীয় দণ্ডবিধিৰ ১০৩ ধাৰাৰ অধীনত হত্যাৰ গোচৰ ৰুজু কৰা হ’ব। ধাৰা ১১১ত সংগঠিত অপৰাধৰ বাবে শাস্তিৰ ব্যৱস্থা কৰা হৈছে। ধাৰা ১১৩ক সন্ত্ৰাসবাদ বিৰোধী আইন হিচাপে বৰ্ণনা হৈছে। মব লিঞ্চিঙৰ ক্ষেত্ৰত ৭ বছৰ কাৰাবাস বা আজীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰ ব্যৱস্থা আছে

নিৰ্বাচনী অপৰাধবোৰ ধাৰা ১৬৯-১৭৭ৰ অধীনত ৰখা হৈছে। সম্পত্তিৰ ক্ষতি, চুৰি আৰু ডকাইতি আদিৰ ক্ষতি ৩০৩-৩৩৪ ধাৰাৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে। ধাৰা ৩৫৬ত মানহানিৰ কথা উল্লেখ আছে। ধাৰা ৭৯ত যৌতুক বিচাৰি হত্যা আৰু ধাৰা ৮৪ত যৌতুকৰ ক্ষেত্ৰত প্ৰতাৰণাৰ দৰে অপৰাধৰ কথা উল্লেখ আছে

এতিয়াৰে পৰা সৰু সৰু অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰা লোকসকলে শাস্তি হিচাপে সমাজ সেৱা কৰিব লাগিব। সংশোধিত নতুন আইনত আত্মহত্যাৰ চেষ্টা, ক্ষুদ্ৰ চুৰি, ৰাগীয়াল বস্তুৰ অপব্যৱহাৰ আৰু মানহানিৰ দৰে গোচৰসমূহ সমাজ সেৱাৰ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হৈছে। সমাজ সেৱাই অপৰাধীসকলক সংস্কাৰৰ সুযোগ প্ৰদান কৰে। আনহাতে কাৰাগাৰৰ শাস্তিয়ে তেওঁলোকক আকৌ কঠোৰ অপৰাধী কৰি তুলিব পাৰে।

এতিয়ালৈকে আদালতে প্ৰথমবাৰৰ বাবে অপৰাধ কৰা বা ক্ষুদ্ৰ অপৰাধীসকলক সমাজ সেৱাৰ শাস্তি প্ৰদান কৰি আহিছে কিন্তু আজিৰ পৰা ই এক স্থায়ী আইনত পৰিণত হ’ব। নতুন আইনে প্ৰথমবাৰৰ বাবে এক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে য’ত নিচাসক্ত অৱস্থাত অনাধিকাৰ প্ৰৱেশ বা ৫০০০টকাৰ তলৰ সম্পত্তি চুৰি কৰাৰ দৰে সৰু অপৰাধৰ বাবে সমাজ সেৱাৰ দৰে শাস্তি লাভ কৰিব।

Tags: #BNS#BNSS#BSA#CrPC#IPC

Related Posts

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

March 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025