শীতল পানীয় আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক আৰু ই আমাৰ স্বাস্থ্যৰ ওপৰত অতি নেতিবাচক প্ৰভাৱ পেলায়।
শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশ কৰা হৈছে যে, যিয়ে প্ৰকাশ কৰিছে ২০২০ চনত উচ্চ চেনিযুক্ত শীতল পানীয় সেৱনৰ ফলত বিশ্বজুৰি আনুমানিক ২২ লাখ টাইপ ২ ডায়েবেটিছ ৰোগীৰ সৃষ্টি হৈছিল। এই গৱেষণাত ১৮৪খন দেশৰ সমীক্ষা চলোৱা হৈছে।
এই গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, বিশ্ব পৰ্যায়ত চেনিযুক্ত শীতল পানীয় সেৱন কৰি ডায়েবেটিছ আৰু হৃদৰোগৰ বলি হয় যথেষ্টসংখ্যক লোক। টাইপ ২ ডায়েবেটিছ ৰোগীৰ উপৰিও গৱেষকসকলে অনুমান কৰিছে যে, শীতল পানীয় সেৱনৰ ফলত হৃদৰোগৰ ১২ লাখ ৰোগীৰ সৃষ্টি হয়।
এক অধ্যয়নত প্ৰকাশ পাইছে যে, সমগ্ৰ বিশ্বজুৰি পুৰুষে মহিলাতকৈ অধিক শীতল পানীয় সেৱন কৰে। গৱেষণাৰ মতে, বিশ্বৰ বিভিন্ন অঞ্চলত শীতল পানীয়ৰ ফলত হোৱা ৰোগৰ মাত্ৰা বেলেগ। অধ্যয়নটোত কোৱা হৈছে যে, লেটিন আমেৰিকা, কেৰিবিয়ান, উপ-চাহাৰা আফ্ৰিকা আদি দেশত অত্যাধিক শীতল পানীয় খোৱাৰ বাবে অসুস্থ হোৱাৰ সম্ভাৱনা অধিক।
গৱেষণাৰ মতে, উপ-চাহাৰা আফ্ৰিকাৰ ২১ শতাংশ লোক শীতল পানীয় সেৱনৰ বাবে ডায়েবেটিছৰ বলি হৈছে। লেটিন আমেৰিকা আৰু কেৰিবিয়ানত ২৪ শতাংশ ডায়েবেটিছ আৰু ১১ শতাংশ হৃদৰোগৰ ৰোগীৰ তথ্য পোৱা গৈছে।
এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, ২০২০ চনত কলম্বিয়াত ৫০ শতাংশ লোক চেনিযুক্ত শীতল পানীয় খোৱাৰ ফলত ডায়েবেটিছত আক্ৰান্ত হৈছিল। আমেৰিকাতো এই শীতল পানীয় সেৱনৰ বাবে টাইপ ২ ডায়েবেটিছ ৰোগীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা দেখা গৈছে।
আমেৰিকাত ১৯৯০ চনৰ পৰা ২০২০ চনলৈ প্ৰতি ১০ লাখ লোকৰ বিপৰীতে ৬৭১ জন ডায়েবেটিছ ৰোগী ধৰা পৰিছে। চেনিযুক্ত শীতল পানীয়ৰ বজাৰ মধ্যবিত্তীয় দেশসমূহৰ বাবে প্ৰচুৰ পৰিমাণে বিক্ৰী কৰা হয় বুলি গৱেষকসকলে উল্লেখ কৰে। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে।