চনী ছব টিভিৰ ধাৰাবাহিক ‘বীৰ হনুমান – বলো বজৰং বালি কি জয়’ত ভগৱান শিৱৰ চৰিত্ৰত দেখা যাব অভিনেতা তৰুণ খান্না। বিগত ৯ বছৰত ১১ সংখ্যক বাৰৰ বাবে ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে তৰুণ খান্নাই।
এই প্ৰজেক্টৰ বাবে অতিশয় উৎসাহিত এই বিখ্যাত টিভি অভিনেতা। আচলতে বিগত বৰ্ষত তৰুণে কালাৰছ টিভিৰ ধাৰাবাহিক ‘শিৱ শক্তি’ত ‘লৰ্ড ইন্দ্ৰ’ৰ চৰিত্ৰত অভিনয় কৰিছিল।
ভগৱান শিৱৰ চৰিত্ৰৰ বাহিৰে আন কোনো চৰিত্ৰতে অভিনয় কৰা নাই। তেওঁৰ ইন্দ্ৰ চৰিত্ৰও দৰ্শকে যথেষ্ট আঁকোৱালি লৈছে।
বিভিন্ন টিভি ধাৰাবাহিকত একেটা চৰিত্ৰত ১১ বাৰ অভিনয় কৰা প্ৰথমজন ভাৰতীয় টিভি অভিনেতা আছিল তৰুণ খান্না। তেওঁ ভাৰতীয় টিভিৰ ইতিহাসত এক নতুন অভিলেখ গঢ়ি তুলিছে।
ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰাৰ পূৰ্বে তৰুণ খান্নাই বহুবাৰ টিভি শ্ব’ত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। ২০১৫ চনত &TV ৰ ধাৰাবাহিক ‘জয় সন্তোষী মা’ত শিৱৰ অৱতাৰত তৰুণ খান্নাক প্ৰথমবাৰৰ বাবে দেখা গৈছিল।
এই ধাৰাবাহিকখনৰ ঠিক পিছতেই ২০১৬ চনত তৰুণে সিদ্ধাৰ্থ কুমাৰ তিৱাৰীৰ ‘কৰ্মফল দাতা শনি’ অনুষ্ঠানতো ভগৱান শংকৰৰ চৰিত্ৰত অভিনয় কৰিছিল।
তাৰ পিছত ২০১৮ চনত পৰমবীৰ ‘শ্ৰী কৃষ্ণ’ত, ২০১৮ চনত ‘ৰাধা-কৃষ্ণ’ত, ২০১৯ চনত ‘ৰাম ছিয়া কে লুভ কুশ’ তৰুণ খান্নাই ভগৱান শিৱ হিচাপে সকলোৰে হৃদয় জয় কৰ।
‘দেৱী আদি পৰশক্তি’, ‘জয় কানহাইয়ালাল কি’, ‘কথা বিশ্বাস কি ইতিহাস’ আৰু ‘শ্ৰীমদ্ ৰামায়ণতো’ তেওঁ শিৱৰ চৰিত্ৰত অভিনয় কৰিছিল। ১০ খন টিভি ধাৰাবাহিকত শিৱৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত এতিয়া তৰুণক ১১ সংখ্যক বাৰৰ বাবে একে ষ্টাইলতে দেখা যাব।










