জনপ্ৰিয় খাদ্য ডেলিভাৰী কোম্পানী Zomato (জমেটো)ৰ ব’ৰ্ডে কোম্পানীটোৰ নাম সলনি কৰি ‘ইটাৰ্নেল’ কৰিবলৈ অনুমোদন জনায়। কোম্পানীটোৱে ষ্টক এক্সচেঞ্জৰ ফাইলিঙত কয় যে আমি ব্লিংকিট অধিগ্ৰহণ কৰাৰ পিছৰে পৰা ইটাৰ্নেল নামটো আভ্যন্তৰীণভাৱে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছো।
জমেটোৰ প্ৰতিষ্ঠাপক তথা চিইঅ’ দীপিন্দৰ গোৱেলে শ্বেয়াৰ হোল্ডাৰসকললৈ লিখা এখন পত্ৰত কয়, ‘আমাৰ ব’ৰ্ডে আজি এই পৰিৱৰ্তনত অনুমোদন জনাইছে আৰু মই আমাৰ শ্বেয়াৰ হোল্ডাৰসকলকো এই পৰিৱৰ্তনক সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছো। যদি অনুমোদন লাভ কৰো তেন্তে আমাৰ কৰ্পৰেট ৱেবছাইট ‘zomato.com’ৰ পৰা ‘eternal.com’লৈ সলনি কৰা হ’ব।’
কোম্পানীটোৰ নাম সলনি কৰাৰ পিছত অনলাইন অৰ্ডাৰৰ পৰা খাদ্য আৰু গেলামালৰ সামগ্ৰী ডেলিভাৰী কৰা জমেটো এপটোৱে বৰ্তমানৰ দৰেই কাম কৰি থাকিব। কেৱল ষ্টক এক্সচেঞ্জতহে কোম্পানীটোৰ নাম Zomato ৰ পৰা Eternal ৰূপে সলনি কৰা হ’ব।










