ৱাশ্বিংটনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুয়োগৰাকী নেতাৰ মাজত অতি গভীৰ বৈঠক অনুষ্ঠিত হয়।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হোৱাইট হাউছত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায়। প্ৰায় ৪ ঘণ্টা ধৰি হোৱাইট হাউছত মোদীয়ে ট্ৰাম্পৰ সৈতে এই আলোচনাত লিপ্ত হয়। লগতে বহু বিষয়ত পাৰস্পৰিক আলোচনা হয়।
কৌশলগত আৰু নিৰাপত্তা সহযোগিতা, প্ৰতিৰক্ষা, বাণিজ্য আৰু অৰ্থনৈতিক সংযোগ, প্ৰযুক্তি, শক্তি সুৰক্ষা আৰু জনসাধাৰণৰ মাজত যোগাযোগৰ পৰা আৰম্ভ কৰি আঞ্চলিক আৰু বিশ্বজনীন বিষয়লৈকে সম্পৰ্কৰ সমগ্ৰ বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
ইফালে ট্ৰাম্পক বাংলাদেশৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ মোদীৰ ফালে আঙুলিয়াই কয় যে, এই সিদ্ধান্ত মোদীয়ে ল’ব। ট্ৰাম্পৰ এই বক্তব্যই ভাৰতৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ গভীৰতাকে নহয়, মোদীৰ ওপৰত ট্ৰাম্পৰ আস্থাও প্ৰতিফলিত কৰিছে। ইয়াৰ অৰ্থ স্পষ্ট যে, বাংলাদেশৰ ওপৰত আমেৰিকাৰ কূটনীতি ভাৰতৰ ইচ্ছামতে আগবাঢ়ি যাব।
ৱাশ্বিংটনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠক সন্দৰ্ভত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে, বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই মিছন-৫০০ আৰম্ভ কৰে, যাৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত মুঠ দ্বিপাক্ষিক বাণিজ্য দুগুণতকৈও অধিক কৰি ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰা।
ট্ৰাম্পে বাণিজ্যিক অংশীদাৰসকলৰ ওপৰত শুল্ক বৃদ্ধিৰ পৰিকল্পনাত স্বাক্ষৰ কৰি বিশ্বৰ অৰ্থনৈতিক অচলাৱস্থাৰ আশংকা বৃদ্ধি কৰে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকৰ উপৰিও ট্ৰাম্পে বাণিজ্যিক অংশীদাৰৰ পৰা আমদানিৰ ওপৰত ব্যাপক পাৰস্পৰিক শুল্ক আৰোপ কৰা আদেশত স্বাক্ষৰ কৰিব বুলি কৈছিল। ইয়াৰ অৰ্থ হ’ব যে আমেৰিকাই আন এখন দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত সেই শুল্ক আৰোপ কৰিব যিদৰে সেই দেশখনে আমেৰিকাৰ আমদানিৰ ওপৰত আৰোপ কৰে।