দক্ষিণ কামৰূপৰ বকোৰ লামপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ এখন তীব্ৰবেগী আলট্ৰা বাছে দুই বাইক আৰোহীক মহতিয়াই নিয়াত থিতাতে মৃত্যু হয় দুয়োজন বাইক আৰোহীৰ৷
দুৰ্ঘটনাটোত কৰুণ মৃত্যুক আকোৱালি লোৱা লোক দুজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। লোক দুজনৰ ওচৰত কোনো নথি পত্ৰ নথকা আৰু মোবাইল ফোন সম্পূৰ্ণৰূপে ভাঙি যোৱা বাবে পৰিচয় উদ্ধাৰত অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে।
ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ লোক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি বকো আৰক্ষী চকীলৈ লৈ আনে৷
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলৰ পৰা বাছসহ চালকজনে পলায়ন কৰে যদিও পিছত বকো আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই বাছখন জব্দ কৰে।
দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ হ’ল AS O1EE 8837৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ হ’ল AS 01RC 8856।