ৰাছিয়াৰ পানীয় কোম্পানীৰ এটাৰ এক কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। কোম্পানীটোৰ এটা বীয়েৰৰ পাত্ৰত সন্নিৱিষ্ট কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো।
এই কা্ণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কোম্পানীটোৰ এই কাণ্ডক লৈ সংবাদ মাধ্যমযোগে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নন্দিনী সৎপত্তিৰ নাতি সুপৰ্ণ সৎপত্তিয়ে। তেওঁ এই বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰে।লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে এই বিষয়টো আলোচনা কৰিবলৈ আহ্বান জনায়।
উল্লেখ্য যে, ৰাছিয়াৰ ৰেৱত কোম্পানীয়ে মহাত্মা গান্ধীৰ নামত বীয়েৰ বিক্ৰী কৰি আহিছে। সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ পোৱাৰ পিছতেই দেশৰ লগতে বিদেশতো ভাৰতীয় নাগৰিকসকলৰ মাজৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সামজিক মাধ্যমযোগে ৰাছিয়াৰ এনে কাম গ্ৰহণযোগ্য নহয় বুলি গৰিহণা জনাইছে।লগতে আগলৈ এনেধৰণৰ গৰিহণাযোগ্য কাম নকৰিবলৈ কোম্পানিটোক সকীয়নি দিছে সামাজিক মাধ্যমৰ একাংশ ব্যৱহাৰকাৰীয়ে।