শৰীৰটো প্ৰকৃতিয়ে প্ৰদান কৰা আটাইতকৈ ডাঙৰ উপহাৰ। শৰীৰটো সুস্থ কৰি ৰখাৰ দ্বায়িত্ব আমাৰ সকলোৰে। এতিয়া ফাগুন মাহ। এই সময়খিনিত শৰীৰটোক সতেজ কৰি ৰখাটো প্ৰয়োজন। লাহে লাহে সূৰ্যৰ প্ৰকোপ বাঢ়ি অহাৰ লগে লগে ছাল আৰু দেহৰ যতনত অধিক পৰিমাণে গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হৈ পৰিছে।
বৰ্তমান সময়ত আমি গ্ৰহণ কৰা অধিকাংশ খাদ্যয়ে ৰাসায়নিক সাৰযুক্ত। যি আমাৰ শৰীৰৰ পক্ষে যথেষ্ট ক্ষতিকাৰক। এনেধৰণৰ খাদ্যই আমাৰ শৰীৰটোক সম্পূৰ্ণৰূপে গ্ৰাস কৰি শৰীৰৰ উপকাৰী কোষবোৰ ধ্বংস কৰে।
গতিকে আমাৰ শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ স্বাস্থ্যৰ পক্ষে উপকাৰী পানীয় সেৱন কৰাটো যথেষ্ট দৰকাৰ। যিয়ে আমাৰ শৰীৰটো সতেজ কৰি ৰখাৰ লগতে নিৰোগী কৰি ৰাখে।
গতিকে আমি নিতৌ খোৱা খাদ্যৰ সৈতে আজিৰে পৰা আপুনি সংযোগ কৰক বিট-গাজৰ আৰু আদাৰ এবিধ বিশেষ পানীয়। গাজৰ-বিট এইবিধ পানীয় স্বাস্থ্যৰ পক্ষে অতি পুষ্টিকৰ। গাজৰত ভিটামিন A থাকে, আৰু বিটত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। গতিকে ই হৈছে ঋতুভিত্তিক সুস্বাদু পানীয়।
গতিকে এইবিধ পানীয়ৰ উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি
এইবিধ পানীয়ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি বৃদ্ধি কৰে। লগতে ই ৰোগ আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ইয়াৰ উপৰি গাজৰ-বিটৰ এইবিধ পানীয়ই স্বাস্থ্যকৰ ৰক্তকণিকা উৎপাদনৰ বাবে এক ভাল বিকল্প।ৰোগ প্ৰতিৰোধ ক্ষমতা কোষৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰিব পাৰি।
হজম শক্তি উন্নত কৰে
বিট আৰু গাজৰৰ এই ৰসে শৰীৰৰ পাচনত সহায় কৰে। ই আঁহযুক্ত খাদ্য, যিয়ে স্বাস্থ্যসন্মতভাৱে হজম শক্তি বৃদ্ধিত সহায় কৰে, লগতে কোষ্ঠকাঠিন্য ৰোধ কৰাত সহায় কৰে।
সুস্থ ছালক সমৰ্থন কৰে
যিসকলে প্ৰাকৃতিকভাৱে বয়স বৃদ্ধিৰ প্ৰাৰম্ভিক লক্ষণসমূহ হ্ৰাস কৰিব বিচাৰে, তেওঁলোকৰ বাবে গাজৰ-বিটৰ এই ৰস হৈছে এক প্ৰাকৃতিক অম্ল। যিয়ে ছালৰ কোষৰ পৰিৱৰ্তন বৃদ্ধি কৰে আৰু বলিৰেখা আৰু মিহি ৰেখাৰ গঠন হ্ৰাস কৰে। লগতে ছালখন উজ্জ্বল, স্পষ্ট আৰু দাগমুক্ত কৰি ৰাখে।
চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী
এই ৰস চকুৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। এইৰসত লুটিন আৰু জিএক্সান্থিন থাকে, যিয়ে এই এন্টিঅক্সিডেন্টবোৰে চকুক অক্সিডেটিভ ষ্ট্ৰেছ আৰু ক্ষতিকাৰক নীলা চকুৰ সংস্পৰ্শৰ পৰা ৰক্ষা কৰাত সহায় কৰে। সেয়েহে আমি ক’ব পাৰো যে বিট-গাজৰৰ এই ৰস আমাৰ চকুৰ স্বাস্থ্য উপকৃত।
যকৃতৰ উপকাৰীতা
বিট-গাজৰৰ এই ৰসে যকৃতৰ কাৰ্য্যত সহায় কৰে। ই যকৃতক বিষমুক্ত আৰু পৰিষ্কাৰ কৰি ইয়াৰ সুস্থ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা বিটেইন আৰু পেক্টিনে যকৃতৰ পৰা বিষাক্ত পদাৰ্থবোৰ বিষমুক্ত কৰি উলিয়াই দিয়াত সহায় কৰে।
হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি
গাজৰ-বিটৰ এই ৰসে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে।ইয়াত থকা আইৰণৰ পৰিমাণে ৰক্তকণিকা উৎপন্ন কৰাত সহায় কৰে আৰু হিম’গ্লবিনৰ মাত্ৰা সুস্থ কৰি ৰাখে। বিশেষকৈ ৰক্তহীনতা বা আইৰণৰ মাত্ৰা কম হ’লে, এই ৰসে তেজৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে। গতিকে, এই ৰস খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ১০০% উপকাৰী।