শ্বেখ হাছিনাৰ পতনৰ পিছত ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্ক মাজত যথেষ্ট অৱনতি ঘটিছে। বাংলাদেশ গঠনৰ পিছৰে পৰা ভাৰতৰ সৈতে ইয়াৰ সু-সম্পৰ্ক আছিল যদিও বৰ্তমান ভাৰত-বাংলাদেশৰ মাজত যথেষ্ট মতানৈক্য দেখা গৈছে।
বাংলাদেশৰ অন্তবৰ্তীকালীন ইউনুছ চৰকাৰ ক্ৰমান্বয়ে পাকিস্তান আৰু চীনৰ ফালে ঢাল খাইছে, যিটো ভাৰতৰ বাবে অতি চিন্তনীয় বিষয়।
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দল বিএনপিৰ এগৰাকী নেতাই ভাৰতৰ সন্মুখত ৩টা চৰ্ত দাখিল কৰিছে। বাংলাদেশ নেচনেল পাৰ্টিৰ সাধাৰণ সম্পাদক মিৰ্জা ফখৰুল ইছলাম আলমগীৰে সোমবাৰে কয় যে, যদি ভাৰতে বাংলাদেশৰ সৈতে সম্পৰ্ক উন্নত কৰিব বিচাৰে, তেন্তে এই ৩টা চৰ্তত সন্মতি দিব লাগিব।
লালমণিৰহাটত এক সভাত ভাষণ দি বিএনপিৰ নেতা ফখৰুলে কয় যে, ভাৰতে বাংলাদেশৰ জনসাধাৰণৰ সৈতে সু-সম্পৰ্ক বৰ্তাই ৰাখিব বিচাৰিলে, তীস্তা নদীৰ পানীত বাংলাদেশক সম্পূৰ্ণ অংশ দিব লাগিব। লগতে সীমান্তত বাংলাদেশৰ জনসাধাৰণৰ ওপৰত গুলীচালনা বন্ধ কৰিব লাগিব আৰু বাংলাদেশৰ প্ৰতি ভাৰতে ডাঙৰ ভাইৰ মনোভাৱ ত্যাগ কৰিব লাগিব।
ফখৰুলে লগতে কয় যে, বাংলাদেশে নিজৰ ভৰিৰ ওপৰত থিয় দি ভাৰতৰ চুবুৰীয়া দেশ হিচাপে নিজৰ সকলো অধিকাৰ আৰু অংশীদাৰিত্ব উপলব্ধি কৰিব বিচাৰে। তেওঁ আৰু কয় যে, বাংলাদেশৰ জনসাধাৰণে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিব বিচাৰে, কিন্তু এই সম্পৰ্ক মৰ্যাদাৰ ওপৰত ভিত্তি কৰি হ’ব লাগে, য’ত সকলো সমতা আৰু ন্যায্য অংশক স্বীকৃতি দিয়া উচিত।
শ্বেখ হাছিনাক লক্ষ্য কৰি ফখৰুল ইছলাম কয় যে, ২০০৯ চনত আৱামী লীগ ক্ষমতালৈ অহাৰ পিছত ভাৰতে বাংলাদেশৰ বাবে তীস্তা নদীৰ পানী নিশ্চিত কৰিব বুলি বহুতে আশা কৰিছিল। কিন্তু তেনেকুৱা একো নহ’ল।