ৰাজ্যত পুনৰ সংঘটিত হৈছে এক কৰুণ ঘটনা। জে চি বি ৰে খন্দা পুখুৰীত মাছ ধৰিবলৈ গৈ মৃত্যুক সাৱটি ল’লে তিনিজন কিশোৰে। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে কামৰূপৰ কমলপুৰত।
ঘটনাৰ বিৱৰণী অনুসৰি আজি কামৰূপৰ কমলপুৰৰ নিজমদাৰ তলা গাঁৱৰ এটা পুখুৰীত সমনীয়াৰ সৈতে মাছ মাৰিবলৈ গৈছিল তিনিজন কিশোৰ। কিন্তু মাছ ধৰি থকাৰ সময়তে তিনিওজন কিশোৰে পুখুৰীটোৰ গভীৰ গাঁতত পৰি মৃত্যুক সাৱটি লয়।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজৰ তৎপৰতাত নিহত শিশুকেইটাৰ মৃতদেহ উদ্ধাৰ কৰি ধৰ্মীয় ৰীতি-নীতিৰে শিশুকেইটাক সৎকাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।
এই কৰুণ দুৰ্ঘটনাটোত মৃত্যুক সাৱটি লোৱা শিশু কেইজনক ক্ৰমে নিজমদাৰ তলা গাঁৱৰ তৰণী বৈশ্যৰ পুত্ৰ অংকুৰ বৈশ্য (১২), লক্ষ্যধৰ ডেকাৰ দুই পুত্ৰ হিমাংশু ডেকা (১৬) আৰু ৰাজীৱ ডেকা (৯) বুলি চিনাক্ত কৰা হৈছে।
ঘটনাটো সংঘটিত হোৱাৰ পাছতেই অঞ্চলজুৰি গভীৰ শোকে বিৰাজ কৰিছে ।