শ্বপিং মলত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত অতি কমেও ১৬ জন লোক নিহত হৈছে। দক্ষিণ-পশ্চিম চীনৰ জিগং চহৰৰ এখন শ্বপিং মলত এই অগ্নিকাণ্ড সংঘটিত হৈছে।
আনহাতে, অগ্নিকাণ্ডত বহু সংখ্যক লোক আঘাতপ্ৰাপ্ত হৈছে। অগ্নি নিৰ্বাপক আৰু উদ্ধাৰকাৰী দলে বুধবাৰে সন্ধিয়া ৬ বজাত ১৪ মহলীয়া মলটোত সংঘটিত অগ্নিকাণ্ডৰ খবৰ লাভ কৰিছিল। লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ৭৫ জন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছিল।
অৱশ্যে, বৰ্তমানলৈ অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ সঠিককৈ জানিব পৰা হোৱা নাই।
ইফালে, অগ্নিকাণ্ড সংঘটিত হোৱা মলটোত এখন ডিপাৰ্টমেন্টেল ষ্টোৰ, কাৰ্যালয়, ৰেষ্টুৰেন্ট আৰু ছবিগৃহ আছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত দেখা পোৱা গৈছে যে, ভৱনটোৰ তলৰ অংশৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছে। তাৰ কিছু সময় পিছতে জুইয়ে গোটেই অট্টালিকাটো আগুৰি ধৰিছে।
স্থানীয় সংবাদ মাধ্যমৰ মতে, জুই ইমানেই ভয়ংকৰ আছিল যে অগ্নি নিৰ্বাপক বাহিনীৰ দ্বাৰা ইয়াক নিৰ্বাপিত কৰাটো সম্ভৱ নাছিল। পিছত জুই নিৰ্বাপনৰ বাবে ড্ৰোনৰ সহায় লোৱা হৈছিল।
উল্লেখ্য যে, নেচনেল ফায়াৰ এণ্ড ৰেচকিউ এডমিনিষ্ট্ৰেচনৰ মুখপাত্ৰ লি ৱানফেঙে কয়, চীনত এই বছৰৰ আৰম্ভণিৰ পৰা ২০ মে’লৈ প্ৰথম কেইমাহমানত অগ্নিকাণ্ডৰ ঘটনাত ৯৪৭ জন লোকৰ মৃত্যু হৈছিল। যি বিগত বছৰৰ তুলনাত ১৯ শতাংশ বৃদ্ধি।












