আপুনি নিশ্চয় লাইলা-মজনু, ৰোমিঅ’-জুলিয়েট আৰু শ্বিৰিন-ফাৰহাদৰ প্ৰেমকাহিনী কথা বহুবাৰ শুনিছে। কিন্তু আজি আমি ভাৰত মাতৃৰ এজন বীৰ জোৱানৰ এনে এটা প্ৰেম কাহিনীৰ কথা ক’ব বিচাৰিছো, যিটো কাহিনীয়ে চকু সেমেকা কৰিব আপোনাৰ।
‘এই আঙুঠিটো ৰাখক আৰু মোৰ হ’বলগীয়া পত্নীক দিয়ক, মই এই বোজা বহন নকৰোঁ…’, তেওঁ এনেদৰেই কৈ বন্ধুক আঙুঠিটো উভতাই দেশ মাতৃৰ বাবে শত্ৰুক প্ৰতিহত কৰিবলৈ ওলাই গৈছিল হাঁহি মুখেৰে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই যাত্ৰাই আছিল অন্তিম যাত্ৰা। সকলোকে এৰি থৈ গ’ল কোনো দিনে উভতি নহাৰ বাটেৰে। নিজৰ দেশ মাতৃৰ বাবে শ্বহীদ হৈ প্ৰমাণ কৰিলে বীৰ পুৰুষৰ।
এই কাহিনীটো কেপ্টেইন অনুজ নায়াৰৰ, যিয়ে মাত্ৰ ২৪ বছৰ বয়সত হাঁহি হাঁহি দেশৰ বাবে নিজৰ জীৱন উৎসর্গা কৰিছিল। আজি ভাৰতৰ এই সাহসী পুত্ৰৰ জন্মদিন। দিল্লীত ১৯৭৫ চনৰ ২৮ আগষ্টত অনুজ নায়াৰৰ জন্ম হৈছিল। তেওঁৰ দেউতাক এজন অধ্যাপক আছিল, আনহাতে মাতৃয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত কাম কৰিছিল।
সৰুৰে পৰা সাহসী আৰু দেশীয় প্ৰেমৰ অনুভূতি থকা অনুজৰ নাম ভাৰতৰ ইতিহাসত সোণালী আখৰত লিপিবদ্ধ কৰা হৈছে।
সামগ্ৰিক বিষয় সন্দৰ্ভত অনুজ নায়াৰৰ মাতৃয়ে এটা সংবাদ মাধ্যমৰ সাক্ষাৎকাৰতে সদৰী কৰিছিল এই সকলোবোৰ কথা। তেওঁৰ পুত্ৰ অনুজ নায়াৰে সহপাঠী এগৰাকীৰ সৈতে গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। পিছলৈ দুয়োৰে মাজত বিবাহৰ তাৰিখো নিৰ্ধাৰণ কৰা হৈছিল। অনুজৰ বিবাহৰ দিন ধাৰ্য্য কৰা হৈছিল ১৯৯৯ চনৰ ১০ ছেপ্টেম্বৰত। কিন্তু সময়ৰ সোঁতত ১৯৯৯ চনৰ ৭ জুলাইত কাৰ্গিল যুদ্ধত অনুজে শ্বহীদ হ’বলগীয়া হয়।
এই ঘটনা টাইগাৰ অফ ড্ৰছ’ নামৰ মাতৃয়ে লিখা কিতাপখনত সবিস্তাৰে প্ৰকাশ কৰা হৈছে। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত দ্ৰস খণ্ডৰ সুৰক্ষাৰ বাবে যুঁজ দি থাকোতে কেপ্টেইন অনুজ কেনেকৈ শ্বহীদ হৈছিল সকলো কথা সন্নিবিষ্ট কৰা হৈছিল কিতাপখনত। ‘দ্ৰাছ কা টাইগাৰ’ কিতাপখন অনুজৰ মাতৃ মীনা নায়াৰ আৰু হিম্মত সিং শ্বেখাৱতে লিখিছে।
শত্ৰু শিবিৰলৈ যোৱাৰ আগতে, অনুজ নায়াৰে তেওঁৰ বাগদানৰ আঙুঠিটো খুলি তেওঁৰ সংগীক কৈছিল যে যদি তেওঁ যুদ্ধৰ পৰা জীৱিত অৱস্থাত উভতি আহে, তেন্তে তেওঁ আঙুঠিটো ঘূৰাই ল’ব, কিন্তু যদি তেওঁ শ্বহীদ হয়, তেন্তে এই আঙুঠিটো তেওঁৰ হ’বলগীয়া পত্নীলৈ প্ৰেৰণ কৰা উচিত। তেওঁ নিবিচাৰে যে তেওঁৰ প্ৰেমৰ চিহ্ন শত্ৰুৰ হাতত পৰক। দুখজনকভাৱে, অনুজ শ্বহীদ হোৱাৰ পিছত, নশ্বৰদেহটো ঘৰত উপস্থিত হোৱাত সেই আঙুঠিটো তেওঁৰ শৰীৰত দেখিবলৈ পোৱা যায়।
যুদ্ধৰ বিৱৰণ অনুসৰি ১৯৯৯ চনৰ ৬ জুলাইত ১৭ তম জাট বেটেলিয়নৰ পৰা শত্ৰুক প্ৰতিহত কৰাৰ দায়িত্ব দিয়া হৈছিল ২৪ বছৰীয়া অনুজ নায়াৰক।শত্ৰুৰ সংখ্যাৰ বিষয়ে কোনো ধাৰণা নাছিল, কিন্তু অধিনায়কৰ সাহস বিচলিত হোৱা নাছিল। দলটোৱে অভিযানটোৰ বাবে আগবাঢ়িবলৈ আৰম্ভ কৰিছিল কিন্তু পাকিস্তানী অনুপ্ৰৱেশকাৰীসকলৰ পৰা নিৰন্তৰ প্ৰচণ্ড গুলীবৰ্ষণ হৈছিল। প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি, তেওঁ গন্তব্যস্থানৰ খুব ওচৰত আছিল। আঘাতপ্ৰাপ্ত অৱস্থাত, এটাৰ পিছত এটাকৈ ৯ জন শত্ৰুক নিহত কৰে, পাকিস্তানৰ তিনিটা ডাঙৰ বাংকাৰ ধ্বংস কৰে, কিন্তু এটা গ্ৰেনেড পোনপটীয়াকৈ তেওঁলোকৰ ওপৰত পৰে আৰু তেওঁলোক আহত হয় ।
কেপ্টেইন অনুজ নায়াৰৰ দলে সফলতাৰে ৪ টা বাংকাৰৰ ভিতৰত ৩ টা ধ্বংস কৰিছিল, কিন্তু চতুৰ্থ বাংকাৰটো ধ্বংস কৰাৰ সময়ত, শত্ৰুৰ পৰা নিক্ষেপ কৰা গ্ৰেনেডটোত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় কেপ্টেইন অনুজ নায়াৰ। আনকি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো, তেওঁ তেওঁৰ বাকী দলৰ সৈতে আক্ৰমণ অব্যাহত ৰাখিছিল। কিন্তু পিছত কেপ্টেইন অনুজ নায়াৰে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিছিল। অৱশ্যে, দুদিন পিছত, চাৰ্লি কোম্পানীৰ বিক্ৰম বাত্ৰাৰ নেতৃত্বত ভাৰতে পুনৰ পইণ্ট ৪৮৭৫ দখল কৰে।
১৯৯৯ চনৰ ৭ জুলাই তাৰিখটো হৈছে সেই তাৰিখ যেতিয়া কেপ্টেইন অনুজ নায়াৰৰ ঘৰত ফোনটো বাজি উঠিছিল আৰু তেওঁৰ দেউতাক অধ্যাপক নায়াৰক কোৱা হৈছিল যে ‘আজি ৰাতিপুৱা ৫:৩০ বজাত, দেশৰ বাবে মহান সেৱা কৰি থকা সময়ত অনুজ শ্বহীদ হয়।’
যুদ্ধত দৃষ্টান্তমূলক সাহসিকতাৰ বাবে কেপ্টেইন অনুজ নায়াৰক মৰণোত্তৰভাৱে মহাবীৰ চক্ৰ (ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ বীৰত্ব বঁটা) প্ৰদান কৰা হৈছিল।