বলীউডৰ চুপাৰষ্টাৰ গোবিন্দাৰ সৈতে আজি সংঘটিত হয় এক ডাঙৰ দুৰ্ঘটনা। অভিনেতাজনে ভৰিত এটি গুলীৰে আধাতপ্ৰাপ্ত হয়। যাৰ পিছতেই তেওঁক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
খবৰ অনুসৰি, তেওঁৰ নিজ বন্দুকৰ দ্বাৰাই তেওঁৰ ভৰিত গুলী লাগিছিল। ঘটনাটো পুৱা ৪.৪৫ বজাত প্ৰতিবেদিত হৈছে। অভিনেতাজনে ৰাতিপুৱা
ঘৰৰ পৰা কৰবালৈ ওলাই যোৱাৰ পূৰ্বে গৈ পিষ্টল পৰিষ্কাৰ কৰি থকা সময়তে সংঘটিত হয় এই ঘটনা । অনুজ্ঞা পত্ৰ থকা গোবিন্দাৰ নিজ পিষ্টলৰ পৰায়েই নিক্ষেপ হয় এই গুলী।
আঘাতপ্ৰাপ্ত হোৱাৰ ঠিক পিছতে, তেওঁক ক্ৰিটিকেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হয়। যাৰ পিছত চিকিৎসকৰ দলটোৱে তেওঁৰ চিকিৎসা কৰে আৰু ভৰিৰ পৰা গুলীটো আঁতৰাই দিয়ে।আৰক্ষীয়ে জনোৱা অনুসৰি, গুলীচালনাৰ পিছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়।
আৰক্ষীয়ে জনোৱা অনুসৰি, ৰিভলভাৰৰ তলা খোলা থকাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয়। এই গুলীটো তেওঁৰ শৰীৰৰ পৰা আঁতৰাই দিয়া হৈছে, বৰ্তমান, তেওঁৰ অৱস্থা বিপদমুক্ত বুলি কোৱা হৈছে।
আৰক্ষীয়ে কৈছে যে, গোবিন্দাৰ বন্দুকটো জব্দ কৰা হৈছে আৰু বিষয়টো গভীৰভাৱে তদন্ত কৰা হৈছে। বৰ্তমান, গোবিন্দাই তেওঁৰ ভৰিৰ পৰা যথেষ্ট তেজ হেৰুৱাইছে, যাৰ বাবে।তেওঁৰ অৱস্থাৰ অৱনতি হোৱা বাবে তেওঁক বৰ্তমান আন্ধেৰীৰ ক্ৰিটি কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। অস্ত্ৰোপচাৰৰ পিছত বুলেটটো আঁতৰোৱা হৈছে আৰু বৰ্তমানেও অভিনেতাজন আইচিইউত ভৰ্তি হৈ আছে।
কেইদিনমান পূৰ্বে তেওঁ শিৱসেনাত যোগদান কৰিছিল
শেহতীয়াকৈ, অভিনেতাজনে লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ দল শিৱসেনাত যোগদান কৰিছিল। তেওঁ লোকসভা নিৰ্বাচনতো যথেষ্ট প্ৰচাৰ চলাইছিল। গোবিন্দাই সুনীতাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। এজন পুত্ৰ আৰু এগৰাকী কন্যাৰে তেওঁৰ দুটাকৈ সন্তান আছে। তেওঁৰ দুয়োটা সন্তানেই চলচ্চিত্ৰ জগতৰ অংশ। কন্যাই চলচ্চিত্ৰত প্ৰৱেশ কৰিছে, আনহাতে পুত্ৰই সোনকালেই আত্মপ্ৰকাশৰ বাবে প্ৰস্তুতি চলাই আছে।