সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- অশান্ত পশ্চিম কাৰ্বি আংলং।পশ্চিম কাৰ্বি আংলঙত বিএনএছৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে। সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ কোনো লোক ঘৰৰ পৰা ওলাব নোৱাৰিব। PGR-VGR ভূমিত অনা-কাৰ্বিক উচ্ছেদৰ দাবীত এই ভয়ংকৰ পৰিৱেশ। ডংকামোকামত জ্বলিল CEM তুলিৰাম ৰংহাঙৰ বাসগৃহ। নিশা ৭ বজালৈ প্ৰতিবাদকাৰীৰ মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰে গুলীচালনা।
- বাংলাদেশৰ সমৰ্থনত পোষ্ট দি আটক মহম্মদ ছৈইফ আখটাৰ আলী। বাংলাদেশত হিন্দু যুৱকৰ সৈতে সংঘটিত ভয়ংকৰ কাণ্ডৰ সমৰ্থনত দিছিল পোষ্ট এই যুৱকজনে। ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত প’ষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ’। পিছত এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতেই ৰঙাঘৰৰ আলহী হয় যুৱকজন। ৰঙিয়া থানাত বজৰং দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে এজাহাৰ দাখিল কৰে।
- পুনৰ সৰ্বকালৰ অভিলেখ সৃষ্টি সোণ-ৰূপৰ মূল্যবৃদ্ধিৰ। ২৪ কেৰেট সোণৰ মূল্য প্ৰতি দহ গ্ৰাম ১.৩৫ লাখ টকালৈ বৃদ্ধি হয়।
- মহানগৰীৰ চান্দমাৰীত ভয়ংকৰ ঘটনা। ৰে’ল লাইনৰ কাৰেণ্টত লাগি ১ জন লোকৰ মৃত্যু। ৰে’ল লাইনত ৰৈ থকা তেলৰ টেংকাৰৰ ওপৰেদি পাৰ হ’বলৈ চেষ্টা কৰিছিল লোকজনে। জুই লগাৰ পৰা কথমপি ৰক্ষা পৰে তেলৰ টেংকাৰখন।
- ক্ৰমাৎ বৃদ্ধি হৈছে ভাৰত আৰু বাংলাদেশৰ মাজত উত্তেজনা। নতুন দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্তই সোমবাৰে অনিৰ্দিষ্টকাললৈ ভিছা সেৱা বন্ধ কৰি দিয়ে। বাংলাদেশ উচ্চায়ুক্তৰ বাহিৰত প্ৰতিবাদৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। উত্তৰ-পূবৰ ত্ৰিপুৰা ৰাজ্যৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তেও দেওবাৰে টিপৰা মোথা পাৰ্টি আৰু অন্যান্য গোটৰ প্ৰতিবাদৰ পিছতে ভিছা সেৱা বন্ধ কৰি দিয়ে।নতুন দিল্লী আৰু আগৰতলাত মিছনসমূহে জাৰি কৰা জাননীত উল্লেখ কৰা হৈছে যে পৰৱৰ্তী জাননী নিদিয়ালৈকে সকলো কনছুলাৰ আৰু ভিছা সেৱা বন্ধ কৰি দিয়া হৈছে।










