নাছাৰ এক টেবলটপ এক্সাৰছাইজ ৰিপৰ্টৰ বাবে আতংকিত হৈ পৰিছে জনতা। নাছাৰ মতে এক সম্ভাৱিত গ্ৰহাণুৱে পৃথিৱীক খুন্দা মাৰিব। এই ভয়ংকৰ ঘটনাক্ৰমৰ বাবে NASA একেবাৰে সাজু নহয়। আন্তৰাষ্ট্ৰীয় অথবা ৰাষ্ট্ৰীয় মাধ্যমৰ এই বাতৰি সমূহ কিমান সত্য সত্যতা সেয়া এতিয়াও নিশ্চিত নহয়। কিন্তু আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় মাধ্যমৰ বাতৰিৰ মতে শীঘ্ৰেই পৃথিৱীক খুন্দা মাৰিব এটা গ্ৰহাণুৱে। বিশালকায় এই গ্ৰহাণুৱে যে পৃথিৱীক খুন্দা মাৰিব সেয়া ৭২ শতাংশ সত্য বুলি অভিহিত কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় মাধ্যমৰ সংবাদ প্ৰতিষ্ঠানসমূহত। এতিয়া কথাটো হৈছে এই পৰ্যন্ত এই গ্ৰহাণুৰ তথ্য কাৰো হাততে নাই। কিন্তু অনুমান কৰা হৈছে যে অনাগত ১৪ বছৰত এক অজ্ঞাত গ্ৰহাণুৱে খুন্দা মাৰিব পাৰে পৃথিৱীক। নাছাই আনকি এই পৰিঘটনাৰ বাবে তাৰিখ নিৰ্দ্ধাৰণ কৰিছে। সাম্ভাৱ্য এই সময় হৈছে ১৪.২৫ বছৰ, লগতে তাৰিখ হৈছে ১২ জুলাই ২০৩৮। এই সমস্ত খবৰ জানিবলৈ আপুনি ক্লিক কৰিব পাৰে নাছাৰ নিজৰ ৱেবছাইটত।
NASA, Partners Conduct Fifth Asteroid Impact Exercise, Release Summary