বতৰ বিজ্ঞান কেন্দ্ৰ মতে তিনিদিন ধৰি অসমত হ’ব মুষলধাৰ বৰষুণ। বিজুলী, ঢেৰেকনিয়ে ব্যাহত কৰি তুলিব স্বাভাৱিক জনজীৱন। আজি পুৱাৰে পৰা কেইবাখনো জিলাত অব্যাহত আছে বৰষুণ।
কোনকেইখন জিলাত হ’ব মুষলধাৰ বৰষুণ?
২০ খনকৈ জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী। ধেমাজি, তিনিচুকীয়া, কাছাৰ, দৰং, দক্ষিণ শালমৰা, কৰিমগঞ্জ, কামৰূপ, হাইলাকান্দি, লখিমপুৰ, নলবাৰী, কোকৰাঝাৰ,গোৱালপাৰা, বৰপেটা, বাক্সা, চিৰাং, বঙাইগাঁও, ধুবুৰী।
বৰষুণৰ লগতে সমান্তৰালকৈ বলিব বতাহ। পুৱাৰে পৰা অহা বৰষুণ জাকৰ ফলত গুৱাহাটীৰ বিভিন্ন এলেকাত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। আগন্তুক তিনিদিনলৈ বৰষুণ আহিব বুলি সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।