ট্ৰেডিং এপত ধন বিনিয়োগ কৰাসকলে সাৱধান হ’ব। কিয়নো ট্ৰেডিং এপত ধন বিনিয়োগ কৰি সৰ্বশ্ৰান্ত হ’ল ৰাইজ। প্ৰতিষ্ঠানটোৱে কেইবা কোটি টকা আত্মাসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই ঘটনা সংঘটিত হৈছে গহপুৰত। YBY নামৰ ট্ৰেডিং এপটোৱে লুন্ঠন কৰিলে কোটি-কোটি টকা। বৰ্তমান কাৰ্যালয় এৰি পলায়ন কৰিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে।
ইফালে, প্ৰাক্তন NDFB নেতা অনিৰাম বসুমতাৰীয়ে গহপুৰত প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল। অৱশ্যে, বৰ্তমান অনিৰাম বসুমতাৰী অন্তৰ্ধান হোৱাৰো তথ্য লাভ কৰা হৈছে।
আনহাতে, YBY ক অসমত প্ৰতিষ্ঠা কৰি কোটি-কোটি টকাৰ মালিক হৈ পৰা অনিৰাম বসুমতাৰীয়ে YBY ৰ পৰা লাভ কৰিছিল দুখনকৈ বিলাসী বাহন। অতি কম দিনৰ ভিতৰতে গাঁও আৰু চহৰ অঞ্চলত শিপাইছিল YBY ৷
এপটোত এগৰাকী বিনিয়োগকাৰীয়ে আন এজনক যোগদান কৰালেও লাভ কৰিছিল ধন। যাৰবাবে অতি কম দিনৰ ভিতৰত জনপ্ৰিয় হৈ পৰিছিল YBY। গহপুৰ, নাৰায়ণপুৰ, বিশ্বনাথ চাৰিআলিৰ ভিতৰুৱা অঞ্চলত গঢ় লৈ উঠিছিল YBY ৰ সৰু-সৰু কাৰ্যালয়।
এপ টো বন্ধ হৈ পৰাৰ লগে লগেই এতিয়া ৰাতিটোৰ ভিতৰতে নাইকিয়া হৈ পৰিল এইসমূহ কাৰ্যালয়। আনকি বানপানীৰ বাবে মূখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ ধন দিয়া বুলিও প্ৰচাৰ চলাইছিল YBY য়ে।
একাংশ বিনিয়োগকাৰীক গাড়ী, মটৰ চাইকেল, মোবাইল আদি বিতৰন কৰি উৎসাহিত কৰিছিল YBY নামৰ এপটোৱে।
গ্ৰাহকৰ ৱালেটৰ জমা ধন উলিয়াব নোৱাৰিলে গ্ৰাহকে। ধন উলিয়াবলৈ পুনৰ KYC ৰ নামত ৬০০০ টকা বিচাৰিছে YBY য়ে৷ ধন লুন্ঠনৰ বাবে YBY য়ে আৰম্ভ কৰা এই নতুন পদ্ধতিত হাহাকাৰ অৱস্থা ৰাজ্যৰ লাখ লাখ YBY গ্ৰাহকৰ। লাভাংশ নহ’লেও মুলধন উভতাই দিবলৈ আহ্বান জনাইছে গ্ৰাহক সকলে।