ভাৰতৰ যুৱ বেগী বলাৰ মায়ংক যাদৱে বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন টি-২০ মেচত ভাৰতৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ ৪ অভাৰত ৩২ ৰান খৰচ কৰি দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে ভাৰতে ১৩৩ ৰানত খেলখন জয়ী হয়। প্ৰথমে বেটিং কৰি ভাৰতে ২৯৭ ৰানৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰিছিল। ভাৰতৰ হৈ সঞ্জু চেমছনে ৪৭টা বলত ১১১ ৰানৰ ইনিংছ খেলিছিল। সঞ্জুৰ উপৰি সূৰ্যকুমাৰ যাদৱে ৩৫টা বলত ৭৫ ৰান আৰু হাৰ্দিক পাণ্ডিয়াই ১৮টা বলত ৪৭ ৰান সংগ্ৰহ কৰে।
এই বেটছমেনসকলৰ উপৰি অসম সন্তান ৰিয়ান পৰাগেও খেলে বিস্ফোৰক ইনিংছ। তেওঁ মাত্ৰ ১৩টা বলত ৩৪ ৰানৰ ইনিংছ খেলি স্ক’ৰ ২৯৭ ৰানলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশ দলে মাত্ৰ ১৬৪ ৰানহে কৰিব পাৰিছিল। ইয়াৰ লগে লগে ভাৰতে ৩-০ ব্যৱধানত শৃংখলা জয়ী হ’বলৈ সক্ষম হয়।
এই মেচখনত বাংলাদেশ দলে যেতিয়া বেটিং কৰিবলৈ আহিছিল, তেতিয়া ভাৰতৰ হৈ মায়ংক যাদৱে বলিং আক্ৰমণ আৰম্ভ কৰিছিল। ইনিংছৰ প্ৰথমটো বলতে অ’পেনাৰ পাৰভেজ হুছেইন ইমনক পেভিলিয়নৰ পথ দেখুৱাই মায়ংকে।
ভাৰতৰ দুৰ্দান্ত বলাৰগৰাকীয়ে প্ৰথম বলতেই উইকেট দখল কৰাৰ লগে লগে নিজৰ নামত এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়। টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ইনিংছৰ প্ৰথমটো বলত উইকেট দখল কৰা ভাৰতৰ চতুৰ্থজন বলাৰ হিচাপে পৰিগণিত হৈছে মায়ংক।
মায়ংকৰ পূৰ্বে এনে এক কৃতিত্ব অৰ্শদ্বীপ সিং, হাৰ্দিক পাণ্ডিয়া আৰু ভুৱনেশ্বৰ কুমাৰে কৰিছিল।
ইফালে এই খেলখনত ভাৰতৰ লেগ স্পিনাৰ ৰবি বিষ্ণোইও টি-২০ আন্তঃৰাষ্ট্ৰীয়ত নিজৰ ৫০টা উইকেট সম্পূৰ্ণ কৰে। টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুততম ৫০টা উইকেট দখল কৰা তৃতীয়জন বলাৰ হিচাপে পৰিগণিত হয় ৰবি বিষ্ণোই। বিষ্ণোইয়ে ৩৩খন মেচত এই কৃতিত্ব অৰ্জন কৰে। কেৱল এয়াই নহয় টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ৫০টা উইকেট দখল কৰা আটাইতকৈ কম বয়সীয়া বলাৰ হিচাপেও পৰিগণতি হয় বিষ্ণোই।