আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আজি ঘোষণা কৰিব পাৰে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ সূচী। বিগত বহু দিন ধৰি প্ৰতিযোগিতাৰ সূচীৰ বাবে অপেক্ষাৰত আছিল এই বিশ্বব্যাপী।
উল্লেখ্য যে, ২০২৫ চনৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। আনহাতে প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব ৯ মাৰ্চত।
২০২৫ত চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰিছে পাকিস্তানে। প্ৰায় তিনিমাহ পূৰ্বে পাকিস্তানে ICC লৈ এই প্ৰতিযোগিতাৰ ড্ৰাফ্ট সূচী প্ৰেৰণ কৰিছিল। পাকিস্তানে লাহোৰত ভাৰতৰ বিৰুদ্ধে খেলখনৰ সময় নিৰ্ধাৰণ কৰিছিল যদিও নিৰাপত্তাজনিত কাৰণত ভাৰতে টীম ইণ্ডিয়াক পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছত BCCI আৰু PCB ৰ মাজত দীৰ্ঘদিনীয়া সংঘাতৰ সৃষ্টি হৈছিল।
ভাৰতে চেম্পিয়নছ ট্ৰফীৰ বাবে হাইব্ৰিড মডেল আগবঢ়াইছিল, যদিও পাকিস্তানে প্ৰথমে নাকচ কৰিছিল। কিন্তু কিছুদিন পূৰ্বে PCB য়ে কিছু চৰ্তৰে হাইব্ৰিড মডেলত অনুমোদন জনাইছিল।
BCCI আৰু PCB ৰ মাজত হোৱা চুক্তিৰ পিছত সিদ্ধান্ত লোৱা হয় যে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী মেচসমূহ পাকিস্তান আৰু ডুবাইত হাইব্ৰিড মডেলৰ অধীনত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনত টীম ইণ্ডিয়াৰ খেলসমূহ ডুবাইত অনুষ্ঠিত হ’ব।
পাকিস্তানে চেম্পিয়নছ ট্ৰফীৰ ১০খন খেল আয়োজন কৰিব। যদিহে ভাৰতীয় দলটোৱে ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰে, তেন্তে ইয়াৰ নকআউট মেচসমূহো ডুবাইত অনুষ্ঠিত হ’ব। যদিহে নকআউট পৰ্যায়ৰ পূৰ্বে টীম ইণ্ডিয়া বাহিৰ হয়, তেন্তে লাহোৰ আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব ছেমি ফাইনেল আৰু ফাইনেল।