No Result
View All Result
২০০৮ চনৰ ৩০ অক্টোবৰ। স্থবিৰ ৰৈ গৈছিল সময়। অসমৰ ইতিহাসৰ এক ক’লা অধ্যায়।। এক ভয়ংকৰ বোমা বিস্ফোৰণত কঁপিছিল অসম। আজিৰ পৰা প্ৰায় ১৬ বছৰ পূৰ্ৱে গুৱাহাটীৰ চাৰিওদিশে লাগিছিল হুৱা-দুৱা।মুহূৰ্ত্ততে চিটিকি, উফৰি পৰিছিল বহুতৰে আপোনজন।ধাৰাবাহিক বোমা বিস্ফোৰণে কাঢ়ি নিছিল বহুতৰে সপোন, বহুতৰে জীৱন।
অসমবাসীক নিষ্প্ৰাণ কৰি গৈছিল এই খবৰে।শিশুকে ধৰি ৮১ জনতকৈয়ো অধিক লোকৰ প্ৰাণ লোৱা এই নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও ভুক্তভোগী পৰিয়ালৰ লগতে প্ৰতিজন শান্তিকামী লোকৰ অন্তৰ জোকাৰি যায়।
উল্লেখযোগ্য যে, ২০০৮ চনৰ ৩০ অক্টোৱৰৰ পুৱা বিদ্ৰোহী সংগঠন এনডিএফবি (ৰঞ্জন দৈমাৰী গোট)য়ে গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীসহ ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত কৰিছিল ধাৰাবাহিক বিস্ফোৰণ।
এই বিস্ফোৰণে কঁপাই তোলে গুৱাহাটী মহানগৰীৰ গনেশগুৰিকে ধৰি পাণবজাৰ, ফাঁচী বজাৰৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ, বঙাইগাঁও। এই বিস্ফোৰণত মুঠ ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হয় ৪৭০ জন লোক।
এই ভয়াৱহ বিস্ফোৰণৰ মূল অভিযুক্ত তথা এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰীক ইয়াৰ পূৰ্বে ২০১৯ চনত গুৱাহাটীৰ চিবিআইৰ এখন বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছিল।
চিবিআই আদালতে ২০১৯ চনৰ ২৮ জানুৱাৰীত গোচৰটোৰ শুনানি গ্ৰহণ কৰি ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দৈমাৰীকে ধৰি আন ১৪ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰিছিল।বৰ্তমানে কাৰাগাৰত জীৱন অতিবাহিত কৰিছে আটাইকেইজন দোষীয়ে।
ইয়াৰ পিছতে ২০২০ চনত দৈমাৰীক কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল। এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল।
অসমবাসীক নিষ্প্ৰাণ কৰি গৈছিল এই খবৰে। জীৱন্ত হৈও নিথৰ হৈছিল অসমবাসী। অসমীয়াই আজিও পাহৰিব পৰা নাই ৩০ অক্টোবৰৰ ক’লা অধ্যায়। অসমীয়াই নাপাহৰে বিদ্ৰোহী সংগঠনৰ এই জঘন্য কাণ্ড। সকলোৱে এতিয়াও বিচাৰে, দোষীয়ে উচিত শাস্তি পাওক। নিৰীহৰ তেজেৰে ফাকু খেলি এতিয়াও মুকলি আকাশৰ তলত মুক্ত মনেৰে উশাহ লোৱা অপৰাধীয়ে কিয় এতিয়াও শাস্তি পোৱা নাই, তাকে লৈ প্ৰতিগৰাকী অসমীয়াৰ মনত আছে এক ক্ষোভিত প্ৰশ্ন।
No Result
View All Result