ক্ৰিকেট এৰাৰ পিছৰে পৰা অত্যধিক সুৰাপান কৰাৰ কথা অকপটে স্বীকাৰ কৰিছে ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীয়ে। মদ্যপানৰ নিচা দূৰ কৰিবলৈ তেওঁ ৰিবেহ চেণ্টাৰ যাবলৈও সন্মত হোৱা বুলি জানিব পৰা গৈছে।
এটা অনুষ্ঠানত অংশ লৈ প্ৰাক্তন ক্ৰিকেটাৰ কাম্বলীয়ে নিজৰ স্বাস্থ্য, আৰ্থিক দুৰৱস্থা, মদ্যপান আৰু ৰিহেব সন্দৰ্ভতো সকলো বিৱৰি কোৱা পৰিলক্ষিত হয়।
উল্লেখ্য যে, কিছুদিন পূৰ্বে এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত কাম্বলীক শাৰিৰীকভাৱে যথেষ্ট অসুস্থ দেখা গৈছিল। ভাইৰেল হোৱা সেই ভিডিঅ’টো কাম্বলীয়ে তেওঁৰ ক্ৰিকেটৰ গুৰু ৰমাকান্ত আচৰেকাৰৰ স্মৃতিত আয়োজিত এক অনুষ্ঠানত অংশ ল’বলৈ যোৱা সময়ৰ আছিল। সেই অনুষ্ঠানত উপস্থিত আছিল কাম্বলীৰ একালৰ সতীৰ্থ তথা বন্ধু শচীন তেণ্ডুলকাৰো।
ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হোৱা এটা ভিডিঅ’ৰ মাত্ৰ কেইদিনমানৰ পিছতে কাম্বলীৰ এই সাক্ষাৎকাৰটো লোৱা হৈছে য’ত কাম্বলীয়ে নিজৰ সকলো কথা বিৱৰি কোৱা পৰিলক্ষিত হয়।
সাক্ষাৎকাৰটোত কাম্বলীয়ে তেণ্ডুলকাৰৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভতো মুকলিকৈ মত ব্যক্ত কৰে। তেওঁ শচীন সন্দৰ্ভত কয়, ‘আমি সৰুৰে পৰা একলগে আছিলো’।
উল্লেখ্য যে, শচীন আৰু কাম্বলীয়ে সৰুৰে পৰা গুৰু আছৰেকাৰৰ ওচৰত ক্ৰিকেটৰ আদিপাঠ গ্ৰহণ কৰিছিল। এই দুয়োগৰাকী ক্ৰিকেটাৰে একেলগে ভাৰতীয় দলকো প্ৰতিনিধিত্ব কৰিছিল। অৱশ্যে পিছলৈ দুয়োজনৰ ক্ৰিকেট কেৰিয়াৰ অন্য এক দিশলৈ গতি কৰে।
এটাৰ পিছত আন এটা সফলতাৰ বাবে শচীন ক্ৰিকেটৰ কিংবদন্তীত পৰিণত হয় আৰু কেৰিয়াৰৰ আৰম্ভণিতে ব্যাপক সফলতা অৰ্জন কৰা কাম্বলীয়ে পিছলৈ ম্লান হৈ পৰে।
উল্লেখ্য যে, ২০০৯ চনত বিনোদ কাম্বলীয়ে সংবাদ মাধ্যমৰ ওপৰত মন্তব্য কৰিছিল যে তেণ্ডুলকাৰে তেওঁক কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই। কিন্তু শেহতীয়াকৈ দিয়া সাক্ষাতকাৰটোত শচীনে তেওঁক সকলো ধৰণৰ সহায়-সহযোগিতা কৰা বুলি মন্তব্য কৰিছে।
তেওঁ কয়, ‘তেওঁ সকলো কৰিছে, বহুত সহায় কৰিছে, লীলাৱতী হাস্পতালত মোৰ দুটা অস্ত্ৰোপচাৰ হৈছে, এই সকলোতে তেওঁ আৰ্থিকভাৱে সহায় কৰিছে’।