India’s Got Latent শ্ব’ত হোৱা বিতৰ্কৰ পাছতেই ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়াই। তেওঁ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ক্ষমা বিচাৰে আৰু লগতে স্বীকাৰ কৰে যে তেওঁ পিতৃ-মাতৃ বা অভিভাৱকক লৈ এনে অশালীন মন্তব্য সম্পূৰ্ণৰূপে কাণ্ডজ্ঞানহীন।
আচলচে ৰণবীৰে শ্ব’টোত অতিথি হিচাপে উপস্থিত থাকি এজন প্ৰতিযোগীক অশালীন প্ৰশ্ন কৰি বিতৰ্কৰ সন্মুখীন হয়। সেয়েহে ট্ৰলিঙৰ সন্মুখীন হোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে অভিযোগো দাখিল কৰা হৈছে।
ক্ৰমাৎ বৃদ্ধি পোৱা এই বিতৰ্কৰ পৰিপ্ৰেক্ষিতত ৰণবীৰ এলাহাবাদীয়াই আজি ৰাজহুৱাকৈ ক্ষমা বিচাৰে। ৰণবীৰে সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কেপচনত লিখিছে, “মই ক্ষমা বিচাৰিছো। মই এনেকুৱা মন্তব্য দিয়াতো উচিত নাছিল।”
গীতিকাৰ মনোজ মুণ্টাশিৰে এই বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে, কমেডীৰ নামত এই অনুষ্ঠানত মানৱতাৰ স্তৰক অতি তললৈ নমাই অনা হৈছে। এইসকল হৈছে বিকৃত মানসিকতাৰ ব্যক্তি। যিয়ে নৱ-প্ৰজন্মক মূল্যবোধৰ পৰা আঁতৰাই ৰাখে। গতিকে এইসকল লোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।