২৬ নৱেম্বৰৰ পৰা মাস্কাটত অনুষ্ঠিত হ’বলগীয়া পুৰুষ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ২০ জনীয়া ভাৰতীয় দলক নেতৃত্ব দিব ডিফেণ্ডাৰ আমিৰ আলীয়ে।
এই প্ৰতিযোগিতাখনত অভিলেখ সংখ্যক চাৰিবাৰ চেম্পিয়ন হৈছে ভাৰত। ভাৰতে ২০০৪, ২০০৮, ২০১৫ আৰু ২০২৩ বৰ্ষত জয়ী হৈছিল। যোৱা বছৰ ফাইনেলত চিৰবৈৰী পাকিস্তানক ২-১ গ’লত পৰাস্ত কৰি খিতাপ দখল কৰিছিল ভাৰতে।
এইবাৰ এই ইভেণ্টত এছিয়াৰ ১০টা দলক দুটা পুলত বিভক্ত কৰা হৈছে। ভাৰত, চাইনিজ টাইপেই, জাপান, কোৰিয়া আৰু থাইলেণ্ডে পুল এত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
পুল বিত আছে বাংলাদেশ, মালয়েছিয়া, চীন, ওমান আৰু পাকিস্তান।
উল্লেখ্য যে, এই প্ৰতিযোগিতাখন এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জনকাৰী ৰূপেও বিবেচিত হ’ব। প্ৰশিক্ষক পি আৰ শ্ৰীজেশৰ তত্বাৱধানত দলটোৱে শেহতীয়াকৈ চুলতান অৱ জোহৰ কাপত লাভ কৰা সফলতাৰ ধাৰা অব্যাহত ৰখাৰ চেষ্টা কৰিব।
ভাৰতীয় দলটো
গ’লকীপাৰছ : প্ৰিন্সদীপ সিং, বিক্ৰমজিত সিং
ডিফেণ্ডাৰছ : আমিৰ আলী (অধিনায়ক), টালেম প্ৰিয়বাৰ্তা, শৰদানন্দ তিৱাৰী, যোগেম্বৰ ৰাৱট, আলমোল ইক্কা, ৰোহিত (উপ-অধিনায়ক)।
মিডফিল্ডাৰছ : অংকিত পল, মনমীত সিং, ৰোশন কুজুৰ, মুকেশ টপ্প, থোকচম কিংচন সিং।
ফৰৱাৰ্ডছ : গুৰজোত সিং, সৌৰভ আনন্দ কুশৱাহা, দিলৰাজ সিং, অৰ্শদীপ সিং আৰু এৰাইজীত সিং হুন্দল।
অলটাৰনেট প্লেয়াৰ্ছ : সুখবিন্দৰ আৰু চন্দন যাদৱ।