পাকিস্তানৰ দ্বাৰা আয়োজিত চেম্পিয়নছ ট্ৰফী ২০২৫ ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ পাকিস্তানৰ বাবে কোনো দুঃস্বপ্নতকৈ কম নহয়।
প্ৰতিযোগিতাখনৰ উদ্বোধনী খেল কৰাচীৰ নেশ্যনেল ষ্টেডিয়ামত পাকিস্তান আৰু নিউজিলেণ্ডৰ দলৰ মাজত অনুষ্ঠিত হয়। এই মেচখনত পাকিস্তানৰ প্ৰদৰ্শন অতি দুৰ্বল দেখা যায়। ৬০ ৰানত পৰাজয়ৰ সন্মুখীন হয় দলটো। এই শোচনীয় পৰাজয়ৰ লগে লগে আয়োজক দেশৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰাটো কঠিন হৈ পৰিছে। এতিয়া পাকিস্তানে পৰৱৰ্তী মেচ ভাৰতৰ বিৰুদ্ধে খেলিব লাগিব।
আজি ভাৰত আৰু পাকিস্তানৰ দলৰ এই মেচখন ২ বাজি ৩০ মিনিটত ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব।
২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত ৮টা দলৰ মাজত অনুষ্ঠিত হ’ব। ভাৰত, নিউজিলেণ্ড আৰু বাংলাদেশৰ সৈতে গ্ৰুপ এত আছে পাকিস্তান। একে সময়তে গ্ৰুপ পৰ্যায়ত এই তিনিটা দলৰ বিৰুদ্ধে ১-১ মেচ খেলিব লাগিব। অৰ্থাৎ এতিয়া ইয়াৰ গ্ৰুপ পৰ্যায়ত মাত্ৰ ২ খন মেচ বাকী আছে।
২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ পৰৱৰ্তী মেচ ভাৰতৰ বিৰুদ্ধে আৰু তাৰ পিছত বাংলাদেশৰ বিৰুদ্ধে খেলিব।
আচলতে যিকোনো দলে পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ ৩খন মেচৰ ভিতৰত কমেও ২খন খেলত জয়ী হ’ব লাগিব। এনে পৰিস্থিতিত যদি এই দুখন মেচত পাকিস্তান দলটোৱে এখনো মেচত পৰাস্ত হয়, তেতিয়াহ’লে প্রতিযোগিতাখনৰ পৰা প্রায় বাহিৰ হ’ব৷