ৰাসৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত হয় এক শোকাৱহ ঘটনা। ৰঙিয়াত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।তীব্ৰ বেগী বাইকচালকে প্ৰাণ কাঢ়িলে এগৰাকী কিশোৰীৰ।
উল্লেখ্য যে, পৱিত্ৰ ৰাস মহোৎসৱৰ মাজতে ৰঙিয়াৰ তৰণী-বিছেন্নালা পথত ঘটে এই ভয়ংকৰ পথ দূৰ্ঘটনা।
তিনি গৰাকী যুৱকে বাইকেৰে আহি মাৰে প্ৰচণ্ড খুণ্ডা। এই প্ৰচণ্ড খুণ্ডাত ঢলি পৰিছিল মাতৃ সহ কন্যা। এই দুৰ্ঘটনা সংঘটিত কৰা বাহনখন হৈছে Yamaha FZ মটৰচাইকেল। ইয়াৰ নম্বৰ হৈছে AS -14Q-4194।
এই দুৰ্ঘটনাটোত প্ৰাণহানি হয় এগৰাকী ১০ বছৰীয়া কিশোৰীৰ। গুৰুতৰভাৱে আহত হয় কিশোৰী গৰাকীৰ মাতৃ।এই বাহনখনৰ প্ৰচণ্ড খুণ্ডাত ঢলি পৰে মাতৃ সহ কন্যা। চিকিৎসালয়লৈ নিয়াৰ পথতেই প্ৰাণ কন্যাৰ।
খবৰ অনুসৰি মদ্যপান কৰি তীব্ৰ বেগত মটৰচাইকেল চলোৱাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা। এই যুৱক তিনিগৰাকীৰ দুগৰাকী নলবাৰী জিলাৰ আৰু এগৰাকী ৰঙিয়াৰ সীতাৰাৰ। নিশা প্ৰায় ১ বজাত ৰাস চাই উভতাৰ পথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
সম্প্ৰতি কিশোৰী গৰাকীক ৰঙিয়া থানাৰ মৰ্গত ৰখা হৈছে।