আমেৰিকাত অবৈধভাৱে বাস কৰি থকা ১০৪ গৰাকী ভাৰতীয়ক নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। ভাৰতীয় লোকসকলক কঢ়িয়াই অনা আমেৰিকা সেনাৰ চি-১৭ বিমানখনে আজি দুপৰীয়া প্ৰায় ২ বজাত অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে। বিমানখন যাত্ৰী টাৰ্মিনেলৰ পৰিৱৰ্তে বায়ুসেনাৰ ঘাটিত অৱতৰণ কৰা হয়।
অমৃতসৰ বিমানবন্দৰত উপস্থিত থকা নিৰাপত্তাৰক্ষী বিষয়াৰ মতে, এই লোকসকলৰ পৰীক্ষণৰ কাম চলি আছে। ইমিগ্ৰেচন আৰু শুল্ক ক্লিয়াৰেন্সৰ পিছত পঞ্জাৱ আৰক্ষীক গতাই দিয়া হ’ব।
উল্লেখ্য যে, আমেৰিকাই বিতাড়নৰ বাবে মুঠ ২০৫ জন ভাৰতীয়ক চিনাক্ত কৰিছে। বাকী ১০১ জন ক’ত আছে আৰু কেতিয়া বিতাড়ন কৰা হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
আমেৰিকাৰ পৰা বিতাড়ন কৰা ভাৰতীয়সকলৰ ভিতৰত সৰ্বাধিক লোক হৈছে পঞ্জাৱ আৰু হাৰিয়ানাৰ। হাৰিয়ানা আৰু গুজৰাটৰ ৩৩ জন, পঞ্জাৱৰ ৩০ জন, মহাৰাষ্ট্ৰৰ ৩ জন, উত্তৰ প্ৰদেশ আৰু চণ্ডীগড়ৰ ২ জনকৈ।
নিৰাপত্তাৰক্ষীয়ে জনোৱা অনুসৰি, পঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডীগড়ৰ লোকসকলক স্থলপথেৰে ঘৰলৈ পঠিওৱা হ’ব, আনহাতে গুজৰাট, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ লোকক বিমানযোগে ঘৰলৈ পঠিওৱা হ’ব।
উল্লেখ্য যে, দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ড’নাল্ড ট্ৰাম্পে স্পষ্টভাৱে মন্তব্য কৰিছিল যে আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিওৱা হ’ব। ২০ জানুৱাৰীত দায়িত্ব গ্ৰহণ কৰিয়েই হোৱাইট হাউছৰ পৰা নিৰ্দেশ প্ৰদান কৰিছিল অবৈধ নাগৰিকক বিতাড়ন কৰাৰ বাবে।
প্ৰথমবাৰৰ বাবে আমেৰিকাই বিদেশী নাগৰিকক বিতাড়ন কৰাৰ বাবে ব্যৱহাৰ কৰিছে সামৰিক বিমান।