লোহিত সাগৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। পৰ্যটকৰে ভৰা এখন নাও ডুব যোৱাৰ ফলত ১৬জন লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে। বিভিন্ন দেশৰ পৰ্যটকৰে ভৰা নাওখনত ৪৪ জন লোক আছিল।
ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলত উদ্ধাৰকাৰী দল উপস্থিত হৈ ২৮ গৰাকী লোকক সুকলমে উদ্ধাৰ কৰে। ইয়াৰে একাংশ লোকক চিকিসাৰ বাবে বিমানেৰে স্থানান্তৰ কৰা হয়।
সোমবাৰে সূৰ্য্য উদয় হোৱাৰ কিছু সময়ৰ পূৰ্বে নাওখন বিপদত পৰা বুলি ‘এভেণ্ট্ৰেটে’ খবৰ লাভ কৰিছিল। মাৰ্ছা আলমৰ পৰা পাঁচ দিনীয়া যাত্ৰাত আহিছিল নাওখন। এই নাওখন কি কাৰণত ডুব যায় সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
উল্লেখ্য যে, লোহিত সাগৰৰ ‘এভেণ্ট্ৰেট’এ সামাজিক মাধ্যমত প্ৰদান কৰা তথ্য অনুসৰি লোহিত সাগৰ অঞ্চলৰ গভৰ্ণৰ আমৰ হানাফীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰিছে। এই সময়ছোৱাত তেওঁ কয় যে নাওখনত মুঠ ৪৪ জন লোক আছিল, য’ত নাওখনৰ ক্ৰুকে ধৰি ১৩ জন ইজিপ্তৰ লোক আছিল।