দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ত্ৰিপুৰাৰ উনাকোটি জিলাত শনিবাৰে ৱাকফ (সংশোধনী) আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ ফলত মহকুমা আৰক্ষী বিষয়া জয়ন্ত কৰ্মকাৰকে ধৰি ১৮ জন আৰক্ষী জোৱান আহত হয়।
এই হিংসাত্মক ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষী-প্ৰশাসনে আঠজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
কংগ্ৰেছৰ উনাকোটি জিলাৰ সভাপতি মহম্মদ বদৰুজ্জামানৰ নেতৃত্বত ‘যৌথ আন্দোলন সমিতি’ৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদত কুবজাৰ অঞ্চলত প্ৰায় ৪ হাজাৰ অংশগ্ৰহণকাৰীয়ে বিতৰ্কিত আইনখন প্ৰত্যাহাৰৰ দাবীত একত্ৰিত হৈছিল।
কৈলাচহৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুকান্ত সেন চৌধুৰীয়ে জনোৱা মতে, প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা বাক-বিতণ্ডাৰ ফলত উত্তেজনা বৃদ্ধি পায়।
প্ৰতিবাদকাৰীসকলে হঠাতে নিৰাপত্তাৰক্ষীৰ ওপৰত শিল আৰু বটল নিক্ষেপ কৰাত মহকুমা আৰক্ষী বিষয়াসহ ১৮ গৰাকী জোৱান আহত হয় বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া চৌধুৰীয়ে।
পৰিস্থিতিত নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰিবলৈ বাধ্য হয় বুলিও জানিবলৈ দিয়ে আৰক্ষী বিষয়গৰাকীয়ে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজাহাৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।