দ্বীপৰাষ্ট্ৰ পাপুৱা নিউ গিনিত অবৈধ খননক লৈ হোৱা হিংসাত ২০ গৰাকী লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰসংঘৰ এগৰাকী বিষয়াৰ মতে, এই হিংসাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিষয়াসকলৰ মতে, পৰ্গেনৰা উপত্যকাত কেইবাদিনো ধৰি চলি আছে এই হিংসা।
ৰাষ্ট্ৰসংঘৰ পাপুৱা নিউগিনিৰ মানৱীয় উপদেষ্টা মেটে বাগোছিয়ে কয় যে এই হিংসাত্মক পৰিস্থিতিত ২০ জন লোকৰ মৃত্যু হৈছে। এতিয়াও অব্যাহত আছে হিংসা। এই সংখ্যা ৫০ পৰ্যন্ত হ’ব পাৰে।
বাগোছিয়ে কয় যে হিংসাত্মক পৰিস্থিতি বন্ধ কৰিবলৈ একাংশ আৰক্ষী বাহিনীয়ে প্ৰচেষ্টা আৰম্ভ কৰিছে। অৱশ্যে আহতসকলৰ সংখ্যা সন্দৰ্ভত তথ্য লাভ কৰা হোৱা নাই।
যোৱা সপ্তাহত পোপ ফ্ৰান্সিছে পাপুৱা নিউগিনি ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত তেওঁ এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চললৈ ১১ দিনীয়া ভ্ৰমণত আছিল।
উল্লেখ্য যে, মে’ মাহত ভূমিস্খলন হোৱা অঞ্চলটোৰ সমীপত সংঘটিত হৈছিল এই হিংসাত্মক ঘটনা। পাপুৱা নিউ গিনিৰ এখন পাহাৰত হোৱা ভূমিস্খলনত ২০০০ৰো অধিক লোকক জীৱিত অৱস্থাত সমাধিস্থ কৰা হয়।