গোৱালপাৰাৰ ডিটেনচন ট্ৰেনজিট কেম্পৰ পৰা পলায়ন কৰা তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীয়ে আৰম্ভ কৰিছে এক তালাচী অভিযান। শনিবাৰে বিষয়াসকলে সংবাদ মাধ্যমক জনোৱা মতে, পলায়ন কৰা তিনিজন লোক ৰোহিংগীয়া অনুপ্ৰৱেশকাৰী বুলি সন্দেহ কৰা হৈছে।
আৰক্ষীৰ মতে, আন্ধাৰৰ সুযোগ লৈ বৃহস্পতিবাৰে নিশা মাটিয়াত থকা ডিটেনচন চেণ্টাৰৰ দেৱাল বগাই পলায়ন কৰে তিনিওজন কয়দীয়ে। শুকুৰবাৰে কেন্দ্ৰটোৰ বিষয়াসকলে কয়দীসকলৰ উপস্থিতিৰ তথ্য সংগ্ৰহ কৰাৰ পিছতে তিনিজনে পলায়ন কৰাৰ তথ্য পোহৰলৈ আহে বুলি আৰক্ষীয়ে জনায়।
বন্দী তিনিজন বডী আলম, মুস্তাফা কামাল আৰু আব্দুল কাদেৰ বুলি জানিব পৰা গৈছে।
শনিবাৰে আই জি পি (আইন শৃংখলা) অখিলেশ সিঙে ট্ৰেনজিট কেম্পত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে বুলি জানিব পৰা গৈছে।
২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যক্ষম হোৱা ডিটেনচন চেণ্টাৰটোত ৰাজ্যত অবৈধ বিদেশী বুলি অভিযুক্ত লোকসকলক বন্দী কৰি ৰখা হয়।