অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা চাৰিগৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তাৰক্ষীয়ে। দেওবাৰে ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এই চাৰিগৰাকী বাংলাদেশী নাগৰিকক।
ইফালে এই বাংলাদেশী নাগৰিক কেইজনক ভাৰতত প্ৰৱেশ কৰিবলৈ সুবিধা কৰি দিয়াৰ অভিযোগত ত্ৰিপুৰাৰ আন পাঁচজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিয়ে।
‘শনিবাৰে কলকাতা অভিমুখী ৰে’লত উঠিবলৈ ওলোৱাৰ সময়তে আটক কৰা হৈছিল চাৰিজন বাংলাদেশী নাগৰিক’, এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াই এই কথা জনায়।
আটকাধীন বাংলাদেশী লোক কেইজনে কোনো ধৰণৰ বৈধ প্ৰমাণপত্ৰ দেখুৱাবলৈ সক্ষম নোহোৱাত তেওঁলোকক পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হয় বুলি উল্লেখ কৰে আৰক্ষী বিষয়াজনে।
সম্প্ৰতি এই আটাইকেইজন বাংলাদেশী নাগৰিক বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।