আগ্ৰা থানা ছিকন্দৰা অঞ্চলৰ পৰা আহিছে এক হৃদয় বিদাৰক ঘটনা। যমুনা নদীত গা ধুবলৈ যোৱা ৪ জন কিশোৰ পানীৰ সোঁতত উটি যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।
জানিব পৰা অনুসৰি, ছিকন্দৰা অঞ্চলৰ আকবৰাৰ চাৰিজন কিশোৰো যমুনা নদীত গা ধুবলৈ গৈছিল। গা ধুই থকা অৱস্থাতেই এজন এজনকৈ চাৰিওজন কিশোৰে নদীৰ গভীৰ সোঁতত উটি যায়।
কিশোৰ কেইজনে তীব্ৰ সোঁতৰ পৰা বাচিবলৈ চিঞৰ-বাখৰ কৰাত স্থানীয় কিছু লোক সেই স্থানত উপস্থিত হয়। ২ জন কিশোৰক স্থানীয় ৰাইজে নিৰাপদে উদ্ধাৰ কৰে যদিও দুজন কিশোৰ এতিয়াও সন্ধানহীন হৈ আছে।
পৰিয়াল কেইটাই এই ঘটনাৰ বিষয়ে জানিব পৰাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় পৰিৱেশ সৃষ্টি হযোৱা পৰিলক্ষিত হয়।
একে সময়তে এই ঘটনাৰ বিষয়ে স্থানীয় আৰক্ষীক অৱগত কৰা হয়। আৰক্ষীৰ দলৰ লগতে জ্যেষ্ঠ বিষয়াসকলো সেই স্থানত উপস্থিত হয়। এছডিআৰএফ আৰু আন দলে সক্ৰিয়ভাৱে উদ্ধাৰ অভিযান চলাই আছে।