কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদনৰ পিছত এতিয়া ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা দেশত ৮৫খন নতুন কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। কেন্দ্ৰীয় বিদ্যালয় সংগঠনে ১৮খন ৰাজ্যত নতুনকৈ ৮৫খন কেন্দ্ৰীয় বিদ্যালয় মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
জম্মু-কাশ্মীৰত মুকলি হ’ব সৰ্বাধিক ১৩খন নতুন কেন্দ্ৰীয় বিদ্যালয়। মধ্যপ্ৰদেশত ১১খন, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশত ৮খনকৈ নতুন কেন্দ্ৰীয় বিদ্যালয় মুকলি কৰা হ’ব।
এটা টেলিভিচনত দিয়া আছুতীয়া বাৰ্তালাপত কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে সময় নিৰ্ধাৰিত পদ্ধতিৰে নতুন কেন্দ্ৰীয় বিদ্যালয় আৰম্ভ কৰা হ’ব।
জয়ন্ত চৌধুৰীয়ে কয় যে প্ৰথম পৰ্যায়ত নতুন ৮৫খন কেন্দ্ৰীয় বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ শিক্ষাৰ ব্যৱস্থা কৰা হ’ব। এই নতুন বিদ্যালয়সমূহ খোলাৰ বাবে স্থান চিনাক্ত কৰা হৈছে। প্ৰথম অৱস্থাত এই বিদ্যালয়সমূহ অস্থায়ী অট্টালিকাত আৰম্ভ কৰা হ’ব।
ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে, সময় নিৰ্ধাৰিত পদ্ধতিৰে আৰম্ভ কৰা হ’ব নতুন কেন্দ্ৰীয় বিদ্যালয়। কেন্দ্ৰীয় বিদ্যালয়ৰ শিশুসকলক দক্ষতা ভিত্তি প্ৰশিক্ষণ প্ৰদানৰ বাবে আমি এক বৃহৎ পৰিসৰৰ পদক্ষেপ আৰম্ভ কৰিছো। আমি শিশুসকলক নিজৰ ইচ্ছা অনুসৰি দক্ষতা প্ৰশিক্ষণ দিছো।
তেওঁ কয় যে প্ৰশিক্ষকৰ পাঠদানৰ পৰিকল্পনা আৰম্ভ কৰা হৈছে। ইয়াৰ অধীনত দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া শিক্ষকসকলক প্ৰশিক্ষণ দিয়া হৈছে। আজি আনুষ্ঠানিক ডিগ্ৰী থকা চাকৰিৰ সংজ্ঞা সলনি হৈছে। দক্ষতা বিকাশ এতিয়া আনুষ্ঠানিক পাঠদানৰ অংশ হৈ পৰিছে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আমি নতুনকৈ আৰু ২৮খন নৱোদয় বিদ্যালয় খোলাৰ সিদ্ধান্ত লোৱা হৈছে। নৱোদয় বিদ্যালয়ৰ ফলাফল কেন্দ্ৰীয় বিদ্যালয়তকৈও ভাল বুলি অভিহিত কৰে মন্ত্ৰীগৰাকীয়ে।