তিনি বছৰ পূৰ্বে মুক্তি পোৱা ‘ঝুণ্ড’ ছবিত অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা অভিনেতা প্ৰিয়াংশু ঠাকুৰক নাগপুৰত অতি নৃশংসভাৱে হত্যা কৰাৰ খবৰ আহিছে। অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা ছবিখনত প্ৰিয়াংশুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
লাভ কৰা খবৰ অনুসৰি ব্যক্তিগত কাজিয়াৰ বাবে অভিযুক্তই প্ৰিয়াংশুক তাঁৰেৰে ডিঙি চেপি নৃশংসভাৱে হত্যা কৰিছিল। নগপুৰৰ জৰীপটকা থানাৰ অন্তৰ্গত নাৰা অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
আৰক্ষীৰ তথ্য অনুসৰি মঙলবাৰে নিশা প্ৰায় ১:৩০ বজাত প্ৰিয়াংশু ক্ষত্ৰিয়ক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছিল। স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়ে, তাৰ পিছতে জৰীপটকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তেওঁক সমীপৰে এখন হাস্পতালত ভৰ্তি কৰে।
অৱশ্যে পৰীক্ষাৰ অন্তত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ভগ্নী শিল্পা ছেত্ৰীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি ধ্ৰুৱ শ্বাহু নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে ব্যক্তিগত কাজিয়া আছিল হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য। আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে অভিযুক্তজনক।