আদানী গ্ৰুপৰ মুৰব্বী গৌতম আদানী পুনৰবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। তেওঁৰ বিৰুদ্ধে কোটি কোটি টকাৰ উৎকোচ আৰু চৰকাৰী বিষয়া আৰু আমেৰিকান বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। আমেৰিকাৰ আদালতত তেওঁৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে। আদালতে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিছে।
একে সময়তে এই সমগ্ৰ বিষয়টোক লৈ হোৱাইট হাউছে এক ডাঙৰ বিবৃতি দিছে। হোৱাইট হাউছৰ ছেক্ৰেটাৰী কেৰেন জিন পিয়েৰে কয় যে, আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে তেওঁলোক অৱগত। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ জানিবলৈ আৰু বুজিবলৈ আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন আৰু ন্যায় বিভাগলৈ যাব লাগিব বুলিও তেওঁ উল্লেখ কৰে।
ইয়াৰ উপৰিও তেওঁ কয় যে, ভাৰত আৰু আমেৰিকাৰ মাজত এক শক্তিশালী সম্পৰ্ক আছে আৰু ভৱিষ্যতেও এই সম্পৰ্ক অব্যাহত থাকিব বুলি তেওঁ নিশ্চিত। আচলতে এইটো এনেকুৱা এটা বিষয়, যি সন্দৰ্ভত SEC আৰু DOJ ৰ সৈতে পোনপটীয়াকৈ আলোচনাৰ প্ৰয়োজন। ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক সুদৃঢ় বুলি তেওঁ কয়।