তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ আৱেদনকাৰীলৈ চৰকাৰৰ বিশেষ নিৰ্দেশনা।পৰীক্ষাকেন্দ্ৰত প্ৰাৰ্থীসকলে মানিব কেইটাবাটাও নিয়ম।জানো আহক এই নিয়মসমূহ-
- পৰীক্ষা দিবলৈ যাওঁতে আধাৰ, পানকাৰ্ড, ড্ৰাইভিং লাইচেন্সকে ধৰি যিকোনো এবিধ ফটো পৰিচয়পত্ৰ লৈ যাব লাগিব।
- OMR শ্বীটত শুদ্ধ উত্তৰ দিওঁতে সাৱধান হ’ব লাগিব।
- এইবাৰ পৰীক্ষাত নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা থাকিব, সেয়েহে ভুল উত্তৰ নিৰ্বাচন কৰিলে আপোনাৰ নম্বৰ কৰ্তন কৰা হ’ব।
- চাৰিটা প্ৰশ্নৰ ভুল উত্তৰ দিলেই কৰ্তন কৰা হ’ব ১ নম্বৰ।
- এটা প্ৰশ্নৰ বাবে এটাতকৈ অধিক বিকল্প চিহ্নিত কৰিলে প্ৰাৰ্থীসকলে নিগেটিভ মাৰ্কিং লাভ কৰিব।
- OMR শ্বীটত নিৰ্ধাৰিত স্থানতে প্ৰাৰ্থীসকলে ৰাফ ৱৰ্ক কৰিব পাৰিব।
- OMR শ্বীটত ৰাফ ৱৰ্ক বা ওপৰা-উপৰিকৈ লিখা বা হোৱাইটনাৰ ব্যৱহাৰ কৰিলে OMR শ্বীট মূল্যায়ন কৰা নহ’ব।
- পৰীক্ষাৰ অন্তত প্ৰাৰ্থীসকলে OMR উত্তৰবহী, প্ৰশ্ন বুকলেট পৰীক্ষকৰ হাতত জমা দিব লাগিব।
- প্ৰাৰ্থীসকলে উত্তৰবহী জমা দিয়াৰ অন্তত ফৰ্ম নং ৮ত স্বাক্ষৰ কৰিব লাগিব।
- স্বাক্ষৰ নকৰিলে প্ৰাৰ্থীজনক অনুপস্থিত বুলি দেখুওৱা হ’ব।
- পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে ৩ বছৰ পৰ্যন্ত কাৰাবাস খাটিবলগীয়া হ’ব পাৰে।
- উচ্চতৰ মাধ্যমিক স্তৰৰ ৩য় বৰ্গৰ পদৰ বাবে অহা ১৫ ছেপ্টেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব।
- স্নাতক পৰ্যায়ৰ ৩য় বৰ্গৰ পৰীক্ষা ২৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব।
- ২৯ ছেপ্টেম্বৰৰ দুপৰীয়া ১.৩০ বজাৰ পৰা মেট্ৰিকৰ পৰ্যায়ৰ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
- ITI উত্তীৰ্ণসকলকে ধৰি মেট্ৰিক পৰ্যায়ৰ ৪ৰ্থ বৰ্গৰ পদৰ পৰীক্ষা ২৭ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা হ’ব।
- অষ্টম শ্ৰেণী পৰ্যায়ৰ পদৰ বাবে ২৭ অক্টোবৰৰ দুপৰীয়া ১.৩০ বজাৰ পৰা হ’ব।
- ৩য় বৰ্গৰ পদৰ বাবে আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা প্ৰায় ১৮ লাখ ৫০ হাজাৰ।
- চতুৰ্থ শ্ৰেণীৰ পদৰ প্ৰাৰ্থীৰ সংখ্যা হৈছে প্ৰায় ১৩ লাখ ৭০ হাজাৰ।