আফগানিস্তানৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীয়ে বৃহস্পতিবাৰে এসপ্তাহজোৰা ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হয়। ভাৰতত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়।
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে উল্লেখ কৰে যে আফগানিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ বাবে আগ্ৰহী।
আমিৰ খান মুত্তাকীয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। এই ভ্ৰমণ কূটনীতিৰ বাবে তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
স্মৰ্তব্য যে, মুত্তাকীয়ে যাতে ভাৰত ভ্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰসংঘৰ মজিয়াত যথেষ্ট প্ৰচেষ্টা চলাইছিল চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে।
ইফালে আফগানিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণৰ মাজতে এতিয়া আন এটা বিষয়ক লৈ বিমোৰত পৰিছে ভাৰত। কূটনৈতিক নীতি অনুসৰি দুখন দেশৰ শীৰ্ষ নেতা বা বিষয়াৰ মাজত হোৱা আলোচনাৰ অন্তত অফিচিয়েল ফটোৰ বাবে ব্যৱহাৰ কৰিব লাগে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় পতাকা। কিন্তু ভাৰত এতিয়া বিমোৰত পৰিছে আফগানিস্তানৰ পতাকাক লৈ। কিয়নো ভাৰতে আফগানিস্তানত তালিবান শাসনক স্বীকৃতি নিদিয়ে, সেয়ে তালিবানৰ পতাকাক আনুষ্ঠানিক মৰ্যাদাও দিব নোৱাৰে।
উল্লেখ্য যে, ভাৰতে এতিয়াও নতুন দিল্লীত থকা আফগান দূতাবাসত তালিবানৰ পতাকা উৰুৱাবলৈ দিয়া নাই। দূতাবাসত এতিয়াও আছে আফগানিস্তানৰ ইছলামিক ৰিপাব্লিকৰ পুৰণি পতাকা। সেয়ে দুয়োখন দেশৰ মাজত হ’বলগীয়া বৈঠকৰ পিছত ফটোৰ বাবে আফগানিস্তানে কি পতাকা ব্যৱহাৰ কৰে সেয়া লক্ষ্যণীয় হ’ব।