ফজল হক ফাৰুকী আৰু আল্লাহ গাজানফৰৰ মাৰাত্মক বলিঙৰ সহায়ত আফগানিস্তান ক্ৰিকেট দলে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাক ৬ উইকেটত পৰাস্ত কৰে। এই জয়ৰ লগে লগে এদিনীয়াত প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ইতিহাসৰ সৃষ্টি কৰিছে আফগানিস্তানৰ দলটোৱে।
মেচখনত প্ৰথমে বেটিং কৰা দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৩৩.৩ অভাৰত মাত্ৰ ১০৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ প্ৰত্যুত্তৰত আফগানিস্তানৰ দলটোৱে ২৬ অভাৰত ৪টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়।
মেচখনত দক্ষিণ আফ্ৰিকাৰ দলটোৰ অধিকাংশ বেটছমেনৰ প্ৰদৰ্শনে আছিল শোচনীয়। দলটোৱে ৩৬ ৰানতে ৭টা উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও সাত নম্বৰত বেটিং কৰিবলৈ উইয়ান মুল্ডাৰৰ সহায়ত শতকৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ ৫২ ৰানৰ ইনিংছ খেলিছিল মুল্ডাৰে।
মেচখনত ফাৰুকীয়ে মুঠ ৪টা উইকেট দখল কৰাৰ বিপৰীতে গাজানফাৰে ৩টা উইকেট দখল কৰে। ইয়াৰ উপৰি ৰাছিদ খানেও দুটা উইকেট লাভ কৰে।