বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতৰ ৰাজনৈতিক নেতাসমূহৰ বিষয়ে জানো আহক-
জানুৱাৰী ২০২৬: অজিত পাৱাৰ
২৮ জানুৱাৰীত মহাৰাষ্ট্ৰৰ বাৰামতীত ভয়ংকৰ বিমান দুৰ্ঘটনাত নিহত হয় মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ। অৱতৰণৰ সময়তে নিয়ন্ত্ৰণহীন হৈ দুৰ্ঘটনাগ্ৰস্ত হয় এই চাৰ্টাৰ্ড বিমানখন।দুৰ্ঘটনাত নিহত হয় অজিত পাৱাৰৰ ব্যক্তিগত দেহৰক্ষী, ব্যক্তিগত সচিব, পাইলট আৰু এগৰাকী কেবিন ক্ৰু। মহাৰাষ্ট্ৰৰ দীৰ্ঘ সময়ৰ বাবে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল পাৱাৰ। ৮ বাৰৰ বাবে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল অজিত পাৱাৰ।
জুন ২০২৫: বিজয় ৰূপাণী
আহমেদাবাদত উৰণৰ সময়ত এয়াৰ ইণ্ডিয়াৰ এখন বিমান ভয়ংকৰভাবে দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ২৪১ গৰাকী লোকৰ প্ৰাণহানি হয়। এই বিমান দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপাণীয়েও প্ৰাণ হেৰুৱায়।
মাৰ্চ ২০২২: জি. এছ. বালযোগী
প্ৰাক্তন লোকসভা অধ্যক্ষআৰু তেলেগু দেশম পাৰ্টীৰ অন্যতম নেতা জি. এছ. বালযোগীয়ে অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাত এক হেলীকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়।
ডিচেম্বৰ ২০২১: জেনেৰেল বিপিন ৰাৱট
৮ ডিচেম্বৰত তামিলনাডুত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত ভাৰতৰ প্ৰথম চীফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) জেনেৰেল বিপিন ৰাৱটৰ মৃত্যু হয়। দুৰ্ঘটনাত তেওঁৰ পত্নীৰ লগতে আন কেইবাজনো লোকো নিহত হয়।
এপ্ৰিল ২০১১: দোৰজী খাণ্ডু
অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দোৰজী খাণ্ডুৰ চীনৰ সীমাৰ সমীপত এখন বিমান দুৰ্ঘটনাত মৃত্যু হয়।
ছেপ্তেম্বৰ ২০০৯: ৱাই এছ ৰাজশেখৰ ৰেড্ডী
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নল্লামালা পাহাৰত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয় ৱাই এছ আৰ নামেৰে পৰিচিত ৰাজশেখৰ ৰেড্ডীৰ।
মাৰ্চ ২০০৫: অ’ পি জিন্দল
উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয় উদ্যোগপতি তথা হাৰিয়ানাৰ শক্তি মন্ত্ৰী অ’ পি জিন্দলৰ। এই দুৰ্ঘটনাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেন্দ্ৰ সিঙো নিহত হয়।
ছেপ্তেম্বৰ ২০০৪: সাইপ্ৰিয়ন চাংমা
মেঘালয়ৰ গ্ৰামীণ বিকাশ মন্ত্ৰী সাইপ্ৰিয়ন চাংমা তথা অন্য ৯ জন লোকৰ পৱন হংস হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়। এই দুৰ্ঘটনা শ্বিলঙৰ ওচৰৰ বৰাপানী হ্ৰদৰ সমীপত হয়।
ছেপ্টেম্বৰ ২০২১: মাধৱৰাও সিন্ধিয়া
উত্তৰ প্ৰদেশৰ মইনপুৰী জিলাৰ ভোগাঁৱত চাৰ্টাৰ্ড বিমান দুৰ্ঘটনাত কংগ্ৰেছৰ প্ৰবীণ নেতা মাধৱৰাও সিন্ধিয়াৰ মৃত্যু। কানপুৰৰ এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল তেওঁ।
জুন ১৯৮০: সঞ্জয় গান্ধী
দিল্লীত বিমান দুৰ্ঘটনাত মৃত্যু হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ। সেই সময়ত তেওঁক ৰাজনীতিত উদীয়মান তাৰকা হিচাপে গণ্য কৰা হৈছিল।








