ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত যোৱা ১৬ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা ২৭ তম সৰ্বভাৰতীয় বন ক্ৰীড়া মহোৎসৱত বন বিভাগৰ দলটিয়ে দমনীয় প্ৰদৰ্শনৰে ২টা সোণ, ৯ টা ৰূপ আৰু ১৬টাকৈ ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ ২৭ টা পদকেৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিবলৈ সক্ষম হৈছে।
অসমৰ প্ৰধান বন সংৰক্ষক ও বন বলৰ মুৰব্বী ৰাজপাল সিঙৰ নেতৃত্বত অসম বন বিভাগৰ ৬৯ জনীয়া দলটিৰ বিভিন্ন দায়িত্বত আছিল অথিৰ্কিত প্ৰধান মুখ্য বন সংৰক্ষক অনুৰাগ সিং, মুখ্য বন সংৰক্ষক ড০ চি মথুকুমাৰভেল, বন সংমণ্ডল প্ৰাধিকাৰীদ্বয় তেজস মৰিস্বামী, চানিদেউ চৌধুৰী।
আনহাতে এইবাৰৰ এই বন ক্ৰীড়া প্ৰতিযোগিতাত অভিজিত টুমুঙৰ অধিনায়কত্বত আৰু প্ৰশিক্ষক দিগন্ত বৰাৰ ফুটবল দলটিয়ে ইতিহাস ৰচি ফাইনেলত ছিকিমক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।
আনহাতে ভাৰোত্তোলনত সহকাৰী বন সংৰক্ষক ৰবীন কুমাৰ বৈশ্যই দুটা শাখাত এটা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।