নন-ইমিগ্ৰেণ্ট ভিছা (এন আই ভি)ৰ নিয়মত আমেৰিকাই এক বৃহৎ পৰিৱৰ্তন সাধন কৰিছে। এতিয়া সকলো আবেদনকাৰীয়ে নিজৰ নাগৰিকত্বৰ দেশ বা আইনী বাসস্থানত ভিছাৰ সাক্ষাৎকাৰ দিব লাগিব। অৰ্থাৎ ভাৰতীয় নাগৰিকে আৰু দ্ৰুত ভ্ৰমণৰ বাবে B1 (ব্যৱসায়িক) বা B2 (পৰ্যটন) ভিছাৰ বাবে সাক্ষাৎকাৰ দিবলৈ থাইলেণ্ড, ছিংগাপুৰ বা জাৰ্মানীৰ দৰে দেশলৈ যাব নোৱাৰিব।
Covid-19 মহামাৰীৰ সময়ত ভাৰতত ভিছাৰ সাক্ষাৎকাৰৰ বাবে অপেক্ষাৰ সময় অতি দীঘলীয়া আছিল। কেতিয়াবা তিনিবছৰলৈকে। সেই সময়ত বৃহৎ সংখ্যক ভাৰতীয় আবেদনকাৰীয়ে সাক্ষাৎকাৰ দিবলৈ বহিঃৰাজ্যলৈ গৈছিল। ট্ৰেভেল এজেণ্টৰ মতে বেংকক, ছিংগাপুৰ, ফ্ৰেংকফৰ্ট, আনকি ব্ৰাজিল আৰু থাইলেণ্ডৰ চিয়াং মাইলৈও মানুহ গৈছিল। আগতে সাক্ষাৎকাৰ দি পাছপ’ৰ্ট ঘূৰাই লৈ ভাৰতলৈ উভতি আহিছিল।
নতুন পৰিৱৰ্তন পৰ্যটক, ব্যৱসায়ী, ছাত্ৰ, অস্থায়ী শ্ৰমিক আৰু আমেৰিকাৰ নাগৰিকৰ সৈতে বিবাহত আৱদ্ধ হ’বলৈ ভিছা লোৱাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি ভাৰতত এন আই ভিৰ সাক্ষাৎকাৰৰ বাবে অপেক্ষাৰ সময় হ’ল-
- হায়দৰাবাদ আৰু মুম্বাইঃ ৩.৫ মাহ
- দিল্লীঃ ৪.৫ মাহ
- কলকাতাঃ ৫ মাহ
- চেন্নাইঃ ৯ মাহ
ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালত ক্ৰমান্বয়ে কটকটীয়া হৈছে ভিছা। ২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱা এই নতুন নিয়ম অনুসৰি, এতিয়া এন আই ভিৰ সকলো আবেদনকাৰীয়ে, বয়স নিৰ্বিশেষে (১৪ বছৰৰ তলৰ আৰু ৭৯ বছৰৰ ওপৰৰ লোককে ধৰি) সাধাৰণতে প্ৰত্যক্ষ কনছুলাৰ সাক্ষাৎকাৰ দিব লাগিব