সমগ্ৰ বিশ্বত মুঠ প্ৰায় ৬০০ কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে। এই সংখ্যা ২০২৪ চনৰ অক্টোবৰ মাহলৈকে। এই সংখ্যা বিগত বৰ্ষত ১৫১ নিযুত বৃদ্ধি পাইছে।
বৰ্তমান সকলোকে প্ৰয়োজন হৈছে পৃথিৱীৰ যিকোনো চুকতে বহি থকা মানুহক সংযোগ কৰিবলৈ ইণ্টাৰনেট ব্যৱহাৰ কৰা হয়। ইণ্টাৰনেট বন্ধ হৈ গ’লে যেন পৃথিৱীখনো বন্ধ হৈ যায়। বৰ্তমান সময়ত সকলো ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল।
ইণ্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ গতিও বৃদ্ধি পাইছে। বিগত বৰ্ষৰ তুলনাত ব্যৱহাৰকাৰীয়ে যিকোনো কন্টেন্ট ডাউনলোড কৰিবলৈ ৫৫.৮ MBPS গতি লাভ কৰিছে, যাক আমি সহজ ভাষাত ডাউনলোড গতি বুলি কওঁ। বহু দেশত এই গতি ১০০ এম বি পি এছ।
বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুত ইন্টাৰনেট স্পীড এছিয়া আৰু মধ্যপ্ৰাচ্যত। দ্ৰুততম মোবাইল ডাউনলোড গতিৰে প্ৰথম স্থানত আছে ইউ এ ই। দেশৰ ৰাজধানীখনত ইণ্টাৰনেটৰ গতি প্ৰায় ১০০গুণ বৃদ্ধি পাইছে।
আগন্তুক বছৰত তিনিগুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ২০১২ চনৰ পৰা ইউ এ ই ইণ্টাৰনেট শক্তিশালী হিচাপে আত্মপ্ৰকাশ কৰিছে। যদি আমি বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি থকা আমেৰিকাৰ কথা কওঁ, তেন্তে মোবাইল ডাউনলোডৰ গতিৰ ক্ষেত্ৰত ই ১৩ নম্বৰত আছে।
স্পীডটেষ্ট গ্ল’বেল ইনডেক্সে ২০২৪ চনৰ নৱেম্বৰৰ ভিতৰত সৰ্বোচ্চ মধ্যম মোবাইল ইণ্টাৰনেট গতি অনুসৰি দেশসমূহৰ স্থান নিৰ্ধাৰণ কৰিছে।
মোবাইল ইন্টাৰনেট গতিৰ দ্ৰুততম ১০খন দেশ-
- ইউ এ ই
- কাটাৰ
- কুৱেইট
- বুলগেৰিয়া
- ডেনমাৰ্ক
- দক্ষিণ কোৰিয়া
- নেদাৰলেণ্ড
- নৰৱে
- চীন
- লস্কমবাৰ্গ
ভাৰতৰ পৰিস্থিতি কেনেকুৱা?
ভাৰতত ৯০ কোটিৰো অধিক ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে। চীনৰ পিছত সৰ্বাধিক ব্যৱহাৰকাৰী ইয়াত। সূচকাংক অনুসৰি, ভাৰতৰ ৰেংকিঙৰ উন্নতি হৈছে আৰু ই ২৫ নম্বৰ স্থানত আছে। ইয়াত ডাউনলোডৰ গতি ১০০.৭৮ MBPS। আপলোডৰ গতি ৯.০৮ MBPS।