দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ ড’নাল্ড ট্ৰাম্পে সলনি কৰিব বিচাৰিছে দেশখনৰ ১৫৬ বছৰীয়া সংবিধানৰ এক নীতি। ট্ৰাম্পৰ এই সিদ্ধান্তই উদ্বেগৰ সৃষ্টি কৰিছে বহুজনৰ মনত।
দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈয়েই ড’নাল্ড ট্ৰাম্পে কেতবোৰ সুদূপপ্ৰসাৰী সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে, যাৰ ভিতৰ ভিতৰত এটা হৈছে- জন্মসূত্ৰে নাগৰিকত্ব লাভৰ অধিকাৰ খাৰিজ কৰা।
আমেৰিকান সংবিধান অনুসৰি, দেশখনত জন্মগ্ৰহণ কৰিলেই সেই দেশৰ নাগৰিকত্ব লাভৰ যি ১৫৬ বছৰীয়া বিধান, সেয়া অৱলুপ্তি কৰাৰ দিশত অগ্ৰসৰ গৈছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।
আমেৰিকান আইন অনুসৰি, জন্মসূত্ৰে লাভ কৰা নাগৰিকত্বৰ এই বিষয়টোক জুচ চোলি’ বুলি অভিহিত কৰা হয়। `জুচ চোলি’ দৰাচলতে এটা লেচিন শব্দ আৰু ইয়াৰ আভিধানিক অৰ্থ হল `মাটিৰ অধিকাৰ।
আমেৰিকাৰ শতিকা প্ৰাচীন আইন অনুসৰি সেইদেশত জন্মলাভ কৰা প্ৰতিটো শিশুৱেই স্বাভাৱিকভাৱেই লাভ কৰে সেইদেশৰ নাগৰিকত্ব। ট্ৰাম্পৰ স্পষ্ট কথা-এতিয়াৰে পৰা সেয়া আৰু নহ’ব। নিৰ্বাচনী প্ৰচাৰৰ সময়ত ট্ৰাম্পে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল, তাৰ ভিতৰত আছিল জন্মসুত্ৰেই নাগৰিকত্ব লাভৰ অধিকাৰৰ বিষয়টো পুনৰ বিবেচনা কৰা হ’ব।
যুক্তৰাষ্ট্ৰৰ সংবিধান অনুসৰি, সেইদেশত জন্মলাভ কৰা প্ৰতিটো শিশুৱেই সেই দেশৰ নাগৰিক। অৰ্থাত জন্মহোৱা শিশুটিৰ পিতৃ-মাতৃ অন্যদেশৰ নাগৰিক হ’লেও জন্মসূত্ৰে আমেৰিকান নাগৰিকত্ব লাভ কৰাটো সংবিধান স্বীকৃত।
কিন্তু এতিয়া এই নীতি এতিয়া সলাই পেলাব খুজিছে ট্ৰাম্পে আৰু সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰি দিছে। উল্লেখযোগ্য যে, ১৮৬৮ চনত ১৪ নম্বৰ সংশোধনী অনুসাৰে আমেৰিকাৰ সংবিধানত সন্নিবিষ্ট হৈছিল জন্মসূত্ৰে নাগৰিকত্ব লাভৰ বিষয়টো।
অৱশ্যে ১৮৫৭ চনত আমেৰিকান চুপ্ৰিম ক’ৰ্টে এক ৰায় যোগে ঘোষণা কৰিছিল যে, জন্মসূত্ৰে কোনেও আমেৰিকান নাগৰিকত্ব দাবী কৰিব নোৱাৰিব। কিন্তু চুপ্ৰিম কৰ্টৰ সেই ৰায়ৰ পিছতো সেয়া অগ্ৰাহ্য কৰা হৈছিল সংবিধান সংশোধনীৰ জৰিয়তে।
উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰৰ সময়ত ট্ৰাম্পে বাৰম্বাৰ দাবী কৰিছিল যে, জন্মসূত্ৰে নাগৰিকত্বৰ ব্যৱস্থা থকা বাবেই দেশখন প্ৰব্ৰজনকাৰীয়ে সৃষ্টি কৰা সমস্যা দিনে দিনে বাঢ়ি গৈছে। এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম হোৱাৰ প্ৰতি লক্ষ্য কৰিয়ে ট্ৰাম্পে লৈছে এই সুদূৰপ্ৰসাৰী সিদ্ধান্ত।
প্ৰব্ৰজনকাৰীক খেদি পঠিওৱাৰ বাবেই ট্ৰাম্পে লৈছে এই বিশেষ পদক্ষেপ। ইতিমধ্যে দেশখনত অবৈধভাৱে খকা ১৮ হাজাৰ ভাৰতীয়ক শীঘ্ৰেই আমেৰিকা এৰিবলৈ কোৱা হৈছে।
পৰিসংখ্যাৰ দিশেৰে আমেৰিকাত থকা অবৈধ ভাৰতীয়ৰ সংখ্যা প্ৰায় ৭.২৫ লাখ।