আমেৰিকাৰ নৌসেনাৰ বিশেষ চোৱাচিতামূলক ড্ৰোন এম কিউ-৪চি ট্ৰাইটন আজি হঠাতে হৰমুজ জলদ্বীপৰ ওপৰেৰে অন্তৰ্ধান হয়। এই ড্ৰ’নক আমেৰিকাৰ আটাইতকৈ মূল্যবান ড্ৰ’ন বুলি গণ্য কৰা হয়। খবৰ অনুসৰি, বিমানৰ সময়ত জৰুৰীকালীন সতৰ্কবাণীও প্ৰেৰণ কৰে।
প্ৰায় ৩ ঘণ্টা ধৰি পাৰ্চী উপসাগৰ আৰু হৰমুজ জলদ্বীপ নিৰীক্ষণ কৰাৰ পিছত ই ইটালীৰ চিগনেলাত থকা ঘাটিলৈ উভতি আহিছিল। ফ্লাইট ট্ৰেকিং ৱেবছাইট Flightradar24 ৰ মতে, ড্ৰ’নখনে হঠাতে নিজৰ গতিপথ ইৰাণৰ ফালে অলপ ডাইভাৰ্ট কৰি একেসময়তে ৭৭০০ ক’ড প্ৰেৰণ কৰে, যি এক জৰুৰীকালীন সংকেত বুলি ধৰা হয়। ইয়াৰ পিছতে ড্ৰ’নখনে দ্ৰুতগতিত অৱতৰণ কৰিবলৈ লয় আৰু তাৰ কিছু সময়ৰ পিছতে ৰাডাৰৰ পৰা নোহোৱা হৈ যায়।
ড্ৰ’নখন দুৰ্ঘটনাগ্ৰস্ত হৈছে নে ধ্বংস কৰা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই কাণ্ড সংঘটিত হয় আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি হোৱাৰ মাত্ৰ দুদিন পিছতে। য’ত ইৰাণে হৰমুজ জলদ্বীপ জাহাজৰ বাবে মুকলি কৰিবলৈ সন্মত হয়।
এমকিউ-৪চি ট্ৰাইটন ড্ৰ’ন হৈছে এক অতি উন্নত আৰু ব্যয়বহুল ড্ৰ’ন, যাৰ ব্যয় ২০ কোটি ডলাৰৰ ওপৰত (প্ৰায় ১৬০০ কোটি ₹ৰ ওপৰত) বুলি জানিব পৰা গৈছে। এই ড্ৰ’নে দীৰ্ঘ সময়ৰ বাবে ওপৰত থাকি বৃহৎ অঞ্চল নিৰীক্ষণ কৰিব পাৰে। ইয়াক বিশেষভাৱে সামুদ্ৰিক চোৱাচিতাৰ বাবে ডিজাইন কৰা হৈছে। ই ৫০ হাজাৰ ফুটতকৈ অধিক উচ্চতাত উৰিব পাৰে আৰু ২৪ ঘণ্টাৰো অধিক সময় অবিৰতভাৱে কাম কৰিব পাৰে। ইয়াৰ ৰেঞ্জ প্ৰায় ৭,৪০০ নটিকেল মাইল, যাৰ ফলত ই বিপুল দূৰত্বত চোৰাংচোৱাগিৰি চলাব পাৰে। এই ড্ৰ’নে প্ৰায়ে পি-৮এ প’ছিডনৰ দৰে টহলদাৰী বিমানৰ সৈতে সংগতি ৰাখি কাম কৰে, যিয়ে তেওঁলোকক গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে। ২০২৫ চনৰ ভিতৰত আমেৰিকাৰ নৌসেনাৰ হাতত এনে ২০খন ড্ৰ’ন আছিল আৰু আৰু ৭খন ড্ৰ’ন অধিগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে।
ইফালে আমেৰিকা-ইৰাণ যুদ্ধৰ বাবে আমেৰিকাই যথেষ্ট ব্যয়ৰ সন্মুখীন হৈছে। প্ৰতিবেদন অনুসৰি আমেৰিকাই প্ৰতি ছেকেণ্ডত প্ৰায় ১০,৩০০ ডলাৰ (প্ৰায় ৯.৮ লাখ টকা) খৰচ কৰে। দৈনিক আটাইতকৈ বেছি ব্যয় হয় অস্ত্ৰ-শস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰৰ বাবে, যাৰ পৰিমাণ প্ৰায় ৩২ কোটি ডলাৰ (প্ৰায় ৩০৪০ কোটি টকা)। ইয়াৰ উপৰিও বিমান পৰিচালনাৰ বাবে দৈনিক প্ৰায় ২৪৫ মিলিয়ন ডলাৰ (প্ৰায় ২,৩২৭ কোটি টকা) ব্যয় কৰা হয়। প্ৰায় ১৫.৫ কোটি টকা (প্ৰায় ১,৪৭২ কোটি টকা) সামুদ্ৰিক অভিযানত ব্যয় কৰা হয়।
THAAD, Patriot, Aegis আদি মিছাইল প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে দৈনিক প্ৰায় ৯৫ মিলিয়ন ডলাৰ (প্ৰায় ৯০২ কোটি টকা) ব্যয় কৰা হয়। প্ৰায় ৪৫ মিলিয়ন ডলাৰ (প্ৰায় ৪২৭ কোটি টকা) চোৰাংচোৱা আৰু চাইবাৰ অভিযানত ব্যয় কৰা হয়, আৰু প্ৰায় ৩ কোটি ডলাৰ (প্ৰায় ২৮৫ কোটি টকা) সৈন্য আৰু অন্যান্য ব্যৱস্থাৰ বাবে ব্যয় কৰা হয়। ইতিমধ্যে পৰিস্থিতি স্পৰ্শকাতৰ হৈ পৰা সময়ত এই ঘটনা সংঘটিত হৈছে আৰু এই ড্ৰ’নখনৰ অন্তৰ্ধানে উত্তেজনা আৰু অধিক বৃদ্ধি কৰিব পাৰে।














