দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দেশবাসীৰ মাজত জনপ্ৰিয় হৈ পৰা গান্ধীবাদী নেতা আন্না হাজাৰেই শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে তেওঁ সদায় দেশ আৰু সমাজৰ কল্যাণক অগ্ৰাধিকাৰ প্ৰদান কৰিছিল।
মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ ৰালেগন সিদ্ধি গাঁৱত জন্মগ্ৰহণ কৰা হাজাৰেই কয়, ‘জন্ম ল’লে মৰিবও লাগিব কিন্তু কিছুমান মানুহে স্মৃতি আৰু নিজৰ প্ৰভাৱ এৰি থৈ যায়। সিঙে দেশৰ অৰ্থনীতিক এক নতুন মাত্ৰা প্ৰদান কৰিছে।’
দুৰ্নীতি বিৰোধী আন্দোলনৰ কথা সুঁৱৰি আন্নাই কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে তেওঁক আলোচনাৰ বাবে আমন্ত্ৰণ জনাই ক্ষীপ্ৰ সিদ্ধান্ত গ্ৰহণ কৰে। হাজাৰেই কয়, ‘তেওঁ দুৰ্নীতিৰ বিৰোধী আছিল আৰু লোকপাল আৰু লোকাযুক্ত আইন সন্দৰ্ভত তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁ সদায় দেশৰ কথা চিন্তা কৰিছিল আৰু দেশৰ জনসাধাৰণৰ বাবে কেনেকৈ ভাল কাম কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।’
হাজাৰেই লগতে কয় যে ২০০৪ৰ পৰা ২০১৪ চনলৈকে প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা মনমোহন সিঙে দেশৰ অৰ্থ ব্যৱস্থাক এক অন্য দিশলৈ লৈ যায় আৰু দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আছিল।
তেওঁ লগতে কয়, ‘মনমোহন সিঙে দেহ ত্যাগ কৰিলেও জনসাধাৰণৰ অন্তৰত সদায় থাকিব।’
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা ৯.৫১ বজাত দিল্লীৰ এইমছত মৃত্যুবৰণ কৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ।