তামিলনাডুত হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ অন্ত পৰাৰ নাম লোৱা নাই। এইবাৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি তামিলনাডুত হিন্দী লিখা থকা টকাৰ চিহ্ন ‘₹’ আঁতৰাই নতুন বিতৰ্কৰ সূচনা কৰিছে। জানিব পৰা অনুসৰি হিন্দী আখৰৰ পৰিৱৰ্তে ইয়াক তামিল আখৰৰে সলনি কৰি দিয়ে।
এই ঘটনা সন্দৰ্ভত এতিয়া আৰম্ভ হৈছে তীব্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ। বিজেপিৰ ৰাজ্যিক অধ্যক্ষ আন্নামলাইয়ে ৰাজ্যিক বাজেটৰ সময়ত ৰুপেয়া চিহ্ন আঁতৰোৱাত তামিলনাডু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এই পদক্ষেপক মূৰ্খতা আখ্যা দিয়ে।
বিজেপি নেতা আন্নামলাইয়ে এক্সত লিখিছে, ‘তামিলনাডু চৰকাৰৰ ২০২৫-২৬ বাজেটত এগৰাকী তামিল ব্যক্তিয়ে ডিজাইন কৰা আৰু সমগ্ৰ ভাৰতে গ্ৰহণ কৰা টকাৰ প্ৰতীক আঁতৰাই পেলোৱা হৈছে। এই চিহ্নটো ডিএমকেৰ এজন প্ৰাক্তন বিধায়কৰ পুত্ৰ উদয়া কুমাৰে ডিজাইন কৰিছিল। আপুনি কিমান মূৰ্খ হ’ব পাৰে এম কে ষ্টেলিন।’

ইফালে বিজেপি আই টি চেলৰ প্ৰধান অমিত মালবীয়ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘উদয়া কুমাৰে ভাৰতীয় টকাৰ প্ৰতীক ডিজাইন কৰিছিল, যিটো সমগ্ৰ ভাৰততে গ্ৰহণ কৰা হৈছিল, কিন্তু মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে তামিলনাডুৰ বাজেট ২০২৫-২৬ৰ নথিৰ পৰা এই প্ৰতীক আঁতৰাই পেলাইছিল। এয়া তামিলসকলৰ অপমান। কিমান হাস্যকৰ হ’ব পাৰে।’
২০২৫-২৬ বৰ্ষৰ বাজেটৰ বাবে তামিলনাডু চৰকাৰে প্ৰস্তুত কৰা প্ৰচাৰ সামগ্ৰীত ‘টকা’ চিহ্নৰ ঠাইত তামিল আখৰ ব্যৱহাৰ কৰা হৈছিল। শুকুৰবাৰে পুৱা বিধানসভাত বাজেট দাখিল কৰা হ’ব। বিৰোধীয়ে ইয়াক জাতীয় প্ৰতীকৰ প্ৰতি অসন্মান বুলি অভিহিত কৰাৰ বিপৰীতে ডি এম কে চৰকাৰে এই পৰিৱৰ্তনক তামিল ভাষাৰ প্ৰতি সন্মান হিচাপে উপস্থাপন কৰিছে।










