আইফোন নিৰ্মাতা কোম্পানী এপলৰ মুখ্য পৰিচালন বিষয়া পদত অধিষ্ঠিত হ’ব ভাৰতীয় মূলৰ চাবিহ খান। আজি এই কথা ঘোষণা কৰিছে কোম্পানীটোৱে। জেফ উইলিয়ামছৰ ঠাইত স্থলাভিষক্ত হ’ব চাবিহ খান।
এপলে আইফোনৰ বিক্ৰী হ্ৰাস পোৱা আৰু শুল্ক সম্পৰ্কীয় সমস্যাৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে চাবিহ খানৰ নিযুক্তিয়ে বাণিজ্যক মহলত ব্যাপক চৰ্চা লাভ কৰিছে।
উল্লেখ্য যে, ২৭ বছৰতকৈ অধিক সময় এপলৰ সৈতে জড়িত আছিল জেফ উইলিয়ামছ। চলিত বছৰৰ শেষৰ ফালে কোম্পানীৰ পৰা অৱসৰ গ্ৰহণ কৰিব।
নতুন মুখ্য পৰিচালন বিষয়া হিচাপে খানে টিম কুকক প্ৰতিবেদন দিব আৰু এপলকেয়াৰৰ তদাৰককে ধৰি অতিৰিক্ত দায়িত্ব ল’ব বুলিও আশা কৰা হৈছে।
চাবিহ খানে টাফ্টছ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী আৰু ৰেনচেলাৰ পলিটেকনিক ইনষ্টিটিউটৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।