মায়া নগৰী মুম্বাইত উজ্বলি উঠিছে মৰিগাঁৱৰ এগৰাকী কণমানি। দেশৰ আগশাৰীৰ টিভি চেনেলৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ত চমকপ্ৰদ প্ৰদৰ্শনেৰে দৰ্শকৰ লগতে বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হৈছে মৰিগাঁৱৰ কন্যা অপ্সৰা বড়োৱে।
মৰিগাঁও জিলাৰ অতি ভিতৰুৱা অঞ্চল বানমুৰি গাঁৱৰ এটা অতি সাধাৰণ পৰিয়ালৰ কন্যা অপ্সৰাই Sony TVৰ ৰিয়েলিটি শ্ব’ ছুপাৰ ডেন্সাৰ চেপ্টাৰ ৫ৰ শীৰ্ষ ১২ত প্ৰৱেশ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
কন্যাৰ এই সাফল্যত উৎফুল্লিত পিতৃ প্ৰশান্ত বড়োৱে সংবাদ মাধ্যমৰ আগত কয়, ‘অপ্সৰাই যাতে অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে সমগ্ৰ অসমবাসীয়ে তেওঁক মৰম আৰু আশীৰ্বাদ কৰিব।’
এজন টেম্পো চালকৰ কন্যা অপ্সৰা বড়োৰ এই সাফল্যত সমগ্ৰ অসমৰ লগতে মৰিগাঁৱৰ বানমুৰি গাঁৱত আনন্দৰ লহৰ উঠা পৰিলক্ষিত হৈছে।
দুচকুত অযুত সপোন লৈ মায়া নগৰী মুম্বাইলৈ ঢাপলি মেলা অপ্সৰাই এই ৰিয়িলিটি শ্ব’ জয়ী হৈ আহিব বুলিও দৃঢ় বিশ্বাসী অঞ্চলটোৰ ৰাইজৰ লগতে দল-সংগঠন।