সঘনাই সংবাদ মাধ্যমত দেখিবলৈ বা শুনিবলৈ পোৱা যায় স্বামীয়ে পত্নীক কৰা অত্যাচাৰৰ খবৰ। পিছে এইবাৰ পত্নীৰ অত্যাচাৰ সহিব নোৱাৰি স্বামীয়ে ল’লে এক ভয়ংকৰ সিদ্ধান্ত।
এইবাৰ লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত ৰত্নপুৰত সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা। ঘটনা অনুসৰি, ৰত্নপুৰৰ ঘন বৰাৰ পুত্ৰ টুনটুন বৰাই কেইবছৰমান পূৰ্বে মৌচুমী হাজৰিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছত টুনটুনৰ লগতে টুনটুনৰ পৰিয়ালৰ লোকে বহু কষ্টৰ মাজেৰে পঢ়াইছিল মৌচুমীক।যাৰফলত মৌচুমীয়ে লাভ কৰিছিল অসম চৰকাৰৰ চুতুৰ্থ বৰ্গৰ চাকৰি।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, চাকৰি লাভ কৰাৰ আগলৈ সকলো ঠিকেই আছিল। চাকৰিৰ বাবে গুৱাহাটীত থাকিবলৈ লৈছিল মৌচুমী। মৌচুমীয়ে চাকৰিত যোগদানৰ বাবে গুৱাহাটীলৈ আহে। স্বামী টুনটুনেও সহযোগ কৰে মৌচুমীক।
পিছে লাহে লাহে দুয়োৰে সংসাৰত আউল লাগিবলৈ আৰম্ভ হয়। টুনটুনৰ পৰিয়ালৰ অভিযোগ অনুসৰি, নিজৰ ৫ বছৰীয়া পুত্ৰ সন্তানক লগ কৰিবলৈও অনুমতি ল’ব লাগিছিল টুনটুনে। লালে লাহে টুনটুনে অকলশৰীয়া অনুভৱ কৰিব ধৰে আৰু মানসিকভাৱে ভাঙি পৰে। তাৰ মাজতে আকৌ পত্নী মৌচমীয়ে টুনটুনক বিভিন্ন দাবী দিব ধৰিলে। যাৰ বাবে টুনটুনে এক শেষ সিদ্ধান্ত অৰ্থাৎ চৰম পন্থা হাতত লবলৈ বাধ্য হয় বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।
পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ দাবী যে, টুনটুনৰ পত্নী মৌচুমী হাজৰিকা বৰাক আইনৰ আওতালৈ আনি উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আনহাতে স্থানীয় ৰাইজৰ লগতে বিভিন্ন মহিলা সংগঠনে প্ৰতিবাদী কাৰ্যসূচী হাতত লবলৈ বাধ্য হ’ব বুলিওঁ সংবাদ মাধ্যমৰ আগত মত আগবঢ়ায়।











